এইয়া ক্ৰিকেট মেচহে, সীমান্তৰ যুদ্ধ নহয়…

এইয়া ক্ৰিকেট মেচহে, সীমান্তৰ যুদ্ধ নহয়…

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট মানেই যেন এক অঘোষিত যুদ্ধ। সামৰিক যুদ্ধ নহলেওঁ খেল পথাৰৰ এই যুদ্ধৰ জয়-পৰাজয়ৰ ওপৰতেই নিৰ্ভৰ কৰে দেশৰ মান-সন্মান, আত্ম-গৌৰৱৰ অহংকাৰ। এনে পৰিৱেশ, পৰিস্থিতি গঢ়লৈ উঠিছে দুয়ো দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে। দুয়োদেশৰ ৰাজনীতিৰ বাবে সৃষ্টি হৈ আহিছে ক্ৰীড়াংগণত ৰণাংগনত সদৃশ পৰিৱেশ। কেৱল দুয়ো দেশৰ ৰাজনীতিয়েই নহয় পাকিস্তানৰ পৃষ্ঠপোষকতাত একাংশ সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ ভূমিত লালিত-পালিত হৈ ভাৰতত সৃষ্টি কৰা কূটাঘাটমূলক কাৰ্য, সেনাৰ ওপৰত আক্ৰমণ আদি কাৰকেও পাকিস্তানৰ প্ৰতি ভাৰতীয়ৰ মনত সৃষ্টি কৰিছে ঘৃণাৰ মনোভাৱ।

এনে পৰিস্থিতিৰ বাবেই ভাৰত-পাকিস্তানৰ মাজত খেল মানেই সৃষ্টি হৈ আহিছে অতি উত্তেজনাৰ পৰিৱেশ, পৰিস্থিতি। কিন্তু খেলে কেতিয়াও হিংসাক প্ৰশ্ৰয় নিদিয়ে। খেলে আনে শান্তিৰ বাৰ্তা। খেলে দিয়ে একতাৰ বাণী। ক্ৰীড়া সুলভ মানসিকতাৰ কোনো ব্যক্তিয়েই হিংসাক প্ৰশ্ৰয় নিদিয়ে। বিশ্ব ক্ৰীড়া ইতিহাসৰ পাত লুটিয়াই চালেই এই বিষয়ে জানিব পাৰি।

আজিও পাকিস্তানৰ বহু ক্ৰিকেটাক ভাৰতে ভাল পায়, মৰম কৰে। এই বিষয়ে পাকিস্তানী ক্ৰিকেটাৰে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। আনহাতে পাকিস্তানতো আছে ভাৰতৰ ক্ৰিকেটাৰৰ অনুৰাগী। মহেন্দ্ৰ সিং ধোনি, ৰোহিত শৰ্মা, বিৰাট কোহলিৰ দৰে আজিৰ ক্ৰিকেটাৰক পাকিস্তানৰ তৰুণ ক্ৰিকেটাৰে লয় আদৰ্শ হিচাপে। দুয়ো দেশৰ ক্ৰিকেটাৰৰ মাজতো আছে আন্তৰিক সম্পৰ্ক।

এনে এক ক্ৰীড়াসুলভ পৰিৱেশ বৰ্তী থকাৰ মাজতে আই চি চি টি-২০ বিশ্বকাপ, ২০১১ৰ ভাৰত-পাকিস্তানৰ প্ৰথমখন মেচক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক হিংসাত্মক ঘটনাই এতিয়া বিৰূপ প্ৰভাৱ পেলাইছে। মেচখনত ভাৰতে পাকিস্তানৰ হাতত ১০ উইকেটত পৰাস্ত হোৱাৰ পাছতে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগী বিমুখ হৈছে। এয়া স্বাভাৱিক। কিন্তু খেল পথাৰৰ পৰাজয়ৰ দুখত কাৰোবাক আক্ৰমণ কৰি প্ৰতিশোধ লোৱা কাৰ্য কিমানগ্ৰহণ যোগ্য!

দেওবাৰে ভাৰত পাকিস্তানৰ হাতত পৰাজিত হোৱাৰ পিছতে পঞ্জাৱৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কাশ্মীৰী শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। শিক্ষাৰ্থীসকলক ৰড আৰু লাঠিৰে আক্ৰমণ কৰা হৈছে, শিক্ষাৰ্থীসকলক পাকিস্তানী বুলিও কোৱা হৈছে। আক্ৰমণকাৰীসকলৰ ভিতৰত আছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ছাত্ৰ। ফ্ৰী প্ৰেছ কাশ্মীৰৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

পঞ্জাৱৰ চাংৰুৰৰ ভাই গুৰু দাস অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত কেইবাজনো শিক্ষাৰ্থীক আক্ৰমণ কৰা হৈছে। তেওঁলোকক তেওঁলোকৰ হোষ্টেলৰ কোঠাত প্ৰৱেশ কৰি আক্ৰমণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে। হোষ্টেলৰ এজন শিক্ষাৰ্থীয়ে ফেচবুকত এই আক্ৰমণৰ লাইভ ষ্ট্ৰীম কৰিছে। ফ্ৰী প্ৰেছ কাশ্মীৰে ভাই গুৰু দাস ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজীৰ এজন অভিযান্ত্ৰিক শিক্ষাৰ্থী আকিবৰ উদ্ধৃতি দি কয় যে, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কিছুমান শিক্ষাৰ্থীয়ে তেওঁৰ কোঠাত ৰড লৈ প্ৰৱেশ কৰিছিল আৰু তেওঁক আক্ৰমণ কৰিছিল।

এইদৰে এখন মেচত পৰাজয়ৰ গ্লানিত নিজ দেশৰে একাংশ শিক্ষাৰ্থীক আক্ৰমণ কৰা কাৰ্যত এতিয়া বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰশ্ন উত্থাপন হৈছে, এয়া কি ক্ৰীড়াসুলভ মানসিকতা? এনে মানসিকতাৰ বাবেই এতিয়া খেলুৱৈসকলেও বহন কৰিবলগীয়া হৈছে অতিৰিক্ত চাপ। বিশ্বকাপৰ দৰে প্ৰতিযোগিতাৰ মেচত চাপ অবিহনে খেল পথাৰত নমাৰ সুযোগ দেশৰ নাগৰিকেই নিদিয়ে যদি খেলুৱৈয়ে কিদৰে সুস্থিৰে প্ৰদৰ্শন কৰিব খেল?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in