১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. সোমবাৰে মুকলি আকাশৰ তললৈ ওলাল চিলাপথাৰ কাণ্ডৰ মূল নায়ক সুবোধ বিশ্বাস।

২. প্ৰৱল বৃষ্টিপাতৰ বাবে মঙলবাৰে পঞ্জাৱত সকলো স্কুল-কলেজ বন্ধৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।

৩. কংগ্ৰেছৰ ইউপিএ শাসনকালত হোৱা ৰাফেল ডীলতকৈ ২০ শতাংশ কম মূল্য বৰ্তমানৰ ৰাফেল ডীলৰ। ৰাফেল ডীল সন্দৰ্ভত বিজেপি।

৪. আমেথিত মোডীৰ বিৰুদ্ধে সৰৱ ৰাহুল। ১২৬খন ৰাফেলৰ ধন ৩৬ খনতে খৰচ কৰি ব্যৱসায়ী বন্ধুক ৩০ হাজাৰ কোটি টকা লাভ দিলে বুলি অভিযোগ।

৫. হিমাচল প্ৰদেশত সোমবাৰে ২ বাজি ২২ মিনিটত ৩.৭ প্ৰাৱল্যৰ ভূমিকম্প।

৬. সোমবাৰে জন্মু কাশ্মীৰত সেনাৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত।

৭. গোৱাৰ মনোহৰ পাৰিকৰ মন্ত্ৰীসভাৰ পৰা দুই কেবিনেট মন্ত্ৰীক অব্যাহতি।

৮. বৃষ্টিপাতৰ আশংকাত চিমলা, সিৰমৌৰ, চম্বা, মন্দীত সোমবাৰে বন্ধ থাকে সকলো শিক্ষানুষ্ঠান।

৯. বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ বিশ্বনাথ দত্তৰ সোমবাৰে দেহাৱসান। ১৯৮২-১৯৮৮লৈকে উপাধ্যক্ষ আৰু ১৯৮৯ চনত বিচিচিআইৰ অধ্যক্ষৰূপে কাৰ্যনিবাহ কৰিছিল দত্তই।

১০. স্বাধীনতাৰ পাছত দেশত ২০১৪ লৈকে মুঠ ৬৫ টা বিমানবন্দৰ আৰু ২০১৪-২০১৮ লৈকে নিৰ্মাণ হৈছে ৩৫ টা বিমানবন্দৰ। সোমবাৰে মোডীৰ মন্তব্য।

১১. সোমবাৰে কলকতাৰ পৰা প্ৰায় ৯০ কি:মি: নিলগত কাকদ্বীপত ভাঙি পৰিল এখন দলং। কোনো লোক হতাহত হোৱা নাই।

১২. মহাৰাষ্টৰ হোটেলত হত্যাকাণ্ড। পশ্চিম বংগৰ ২৮ বছৰীয়া এজন যুৱকক হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই।

১৩. নক্সাল প্ৰভাৱিত এলেকাত ড্ৰোনৰ সহায়ত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব। জনালে ওড়িশাৰ ডিজিপিয়ে।

১৪. এছিয়া কাপত শোচনীয় প্ৰদৰ্শনৰ বাবে শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক অধিনায়ক পদৰ পৰা অব্যাহতি।

১৫. কেৰালাত পুনৰ আতংক সৃষ্টি কৰিব পাৰে বানে। মঙলবাৰে প্ৰৱল বৃষ্টিপাত হোৱাৰ আশংকা ব্যক্ত কৰিলে বতৰ বিজ্ঞান বিভাগে।

১৬. ইৰাণত এগৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত ৯ জন অপৰাধীক ফাঁচী।

১৭. অহা ৫-৮ অক্টোবৰলৈ লক্ষ্নৌত অনুষ্ঠিত হ'ব অান্তৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ। এইবাৰৰ মহোৎসৱ অটল বিহাৰী বাজপেয়ীৰ নামত উৎসৰ্গিত কৰা হ'ব।

১৮. চলিত বৰ্ষত আফগানিস্তানত বাতৰি সংগ্ৰহৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৩ জন সাংবাদিক নিহত। আন্তৰ্জাতিক সাংবাদিক সংস্থা এটাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য।

১৯. মধ্যপ্ৰদেশৰ প্ৰাক্তন বিজেপি কেবিনেট মন্ত্ৰী পদ্মা শুক্লাই বিজেপি এৰি যোগ দিলে কংগ্ৰেছত।

২০. চলিত বৰ্ষৰে ২৯ নৱেম্বৰত মুক্তি পাব ৰজনীকান্ত, অক্ষয়কুমাৰ অভিনীত বহুচৰ্চিত ছবি ৰবট '২.০'।

২১. নাইনিতাল, ডেৰাডুন আৰু হৰিদ্বাৰত প্ৰৱল বৃষ্টিপাত হোৱাৰ আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই।

২২. এন আৰ চিৰ দায়িত্বৰ পৰা প্ৰতীক হাজেলাক অব্যাহতি দিয়াৰ দাবীৰে দিছপুৰৰ লাষ্টগেটত প্ৰতিবাদত বহিল বাঙালী যৌথ সমন্বয় সমিতিসহ ১৪টা কৈ সংগঠন।

২৩. আৰ জে চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী নাহাটাৰ বাসগৃহ আৰু কোম্পানীত সোমবাৰৰ পুৱাৰে পৰাই অভিযান চলালে আয়কৰ বিভাগে।

২৪. বিপদে লগ এৰা নাই ৰাজ্যৰ বিদ্যুৎ বিভাগক। এইবাৰ ডবকাৰ ৰাজপথত ছিঙি পৰিল ২২০ ভ'ল্টৰ বিদ্যুতৰ তাঁৰ।

২৫. চৰাইদেউত নৱজাতক উদ্ধাৰক লৈ চাঞ্চল্য। চাহ বাগিচাৰ পাতঘৰত এগৰাকী মহিলাই প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে দেৱশিশুটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in