অসম

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. অগপৰ বিৰুদ্ধে মৃণাল শইকীয়াই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ অগপ নেতাৰ। 'বিজেপিৰ জাতিধ্বংসী কাৰ্যকলাপৰ বিৰোধিতা কৰিছে অগপই। অগপক লৈ শইকীয়াই কোৱাৰ অধিকাৰ নাই।'

২. সোমবাৰে হকী ইণ্ডিয়াৰ নতুন অধ্যক্ষক দিয়া হ'ল নিযুক্তি। মৌহম্মদ মুস্তাক বৰ্তমান নতুন অধ্যক্ষ হকী ইণ্ডিয়াৰ।

৩. হিমাচল প্ৰদেশত বান পৰিস্থিতি কিছু উন্নত। লেহ-মনালী ৰাষ্ট্ৰীয় ঘাইপথত আৰম্ভ যাতায়ত ব্যৱস্থা।

৪. আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জন্মদিন। ১৯৪৫ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল দেশৰ চৰ্তুদশ ৰাষ্ট্ৰপতিজনে।

৫. ১১ অক্টোবৰত ভাৰতত মুকলি হোৱাৰ সম্ভাৱনা 'নকিয়া ৭.১ প্লাছ'  । ম'বাইলটোত থাকিব বহু ন ন ফিচ্চাৰ।

৬. সোমবাৰে পুৱা ৰাজ কাপুৰৰ পত্নী কৃষ্ণা ৰাজ কাপুৰৰ মৃত্যু হয়। বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ৰাজ কাপুৰৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে।

৭. সোমবাৰে পূব দিল্লী আৰু উত্তৰ-পূব দিল্লীত দুজনক গুলীয়াই হত্যা দুৰ্বৃৰ্ত্তৰ। দুয়োটা অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

৮. আজি গোৱাৰ পাৰা বাংগালুৰু অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান যান্ত্ৰিক বিজুতিৰ বাবে উৰণৰ কিছু সময়ৰ পাছতে পুনৰ গোৱাত অৱতৰণ।

৯. শিক্ষাৰ্থীসকলৰ উত্তাল প্ৰতিবাদত ৰায়পুৰ আইন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ সুখপাল সিঙৰ পদত্যাগ।

১০. ওলোটা খৰ শৰদ পাৱাৰে। ৰাফেল ডীলৰ সন্দৰ্ভত মোদীক সমৰ্থন কৰাৰ পাছত সোমবাৰে পাৱাৰে ক'লে- 'ৰাফেলৰ সন্দৰ্ভত মোদীক কেতিয়াও সমৰ্থন কৰা নাই আৰু নকৰো।'

১১. সোমবাৰে ছোনিয়া গান্ধীয়ে সাক্ষাৎ কৰে লক্ষ্ণৌত আৰক্ষীয়ে গুলীয়াই হত্যা কৰা বিবেক তিৱাৰীৰ পৰিয়ালক। বিবেকৰ মৃত্যুত শোক ব্যক্ত ছোনিয়া গান্ধীৰ।

১২. ৫ মহীয়া শিশুক ম্যাদ উকলা ঔষধ বিক্ৰী কৰাক কেন্দ্ৰ কৰি নগৰবেৰাত উত্তপ্ত পৰিস্থিতি। নগৰবেৰা আৰক্ষীয়ে আটক কৰে আজমল হক নামৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰজনক।

১৩. সোমবাৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিদায়ী সভাত ৰঞ্জন গগৈৰ মন্তব্য- 'নাগৰিক স্বাধীনতাৰ ক্ষেত্ৰত মিশ্ৰাৰ অৱদান অধিক।'

১৪. শিল কুঁৱেৰীত ধনদাবীৰ অভিযোগত গোলাঘাটত আটক হ'ল আমছুৰ সাত গৰাকী সদস্য। ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।

১৫.  চৰাইদেউত ফাৰ্মাচীৰ অনুজ্ঞা পত্ৰ,  ফাৰ্মাচিষ্ট,  প্ৰবয়োজনীয় নথি ইত্যাদি বাধ্যতামূলক কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ। সন্মিলিত সংগ্ৰামী মঞ্চই শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবীত প্ৰেৰণ কৰে এই পত্ৰ।

১৬. সোমবাৰে শিৱসাগৰ জিলা প্ৰশাসনে উদ্ধোধন কৰে তয় বেংকৰ। এই বেংকৰ দ্বাৰা অংগনবাড়ী কেন্দ্ৰ আৰু শিশুৰ অনুষ্ঠাললৈ যোগান ধৰা হব খেলৰ সামগ্ৰী।

১৭. তিনিচুকীয়াত সোমবাৰৰ পৰা পতঞ্জলিৰ সকলো দোকান বন্ধ কৰিলে আছুৱে । সতীনাথ বাৰাকৰ মন্তব্যক কেন্দ্ৰ কৰিয়ে এই ব্যৱস্থা লয় আছুৱে।

১৮. মুখ্যমন্ত্ৰী সোণৱালক সোমবাৰে সাক্ষাৎ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটি সজাতি দলে। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীজনৰ সৈতে বিশ্ববিদ্যালয়ৰ বহুকেইটা বিষয়ত আলোচনা কৰে দলটোৱে।

১৯. চিনৰ এন আৰ আইৰ কেইবাজনো ব্যৱসায়ীয়ে আজি আলোচনাত বহে সৰ্বানন্দ সোণোৱাল।অসমক চীনৰ প্ৰেক্ষাপটত আগবঢ়োৱাৰ প্ৰয়াস মুখ্যমন্ত্ৰীজনৰ।

২০. মঙলবাৰে পোৱা ৮.৩০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহানগৰীৰ গান্ধীমন্দপত দেশৰ তৃতীয় উচ্চ জাতীয় পতাকাখন উৎসৰ্গা কৰিব ৰাজ্যবাসীৰ নামত।

২১. ভাৰতীয় মূলৰ মহিলা গীতা গোপীনাথক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষৰ মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্ত প্ৰদান।

২২. মধ্যপ্ৰদেশৰ ৰাজ্যমন্ত্ৰীৰ পদবী এৰিলে কম্পিউটাৰ বাবাই।ৰাজ্যখনৰ শিৱৰাজ চৌহান চৰকাৰে সমাজ আৰু ধৰ্মৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি মধ্যপ্ৰদেশৰ ৰাজ্যমন্ত্ৰীৰ পদবী কৰে কম্পিউটাৰ বাবাই।

২৩. শিশুৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ বিট্ৰেইনত অচিৰেই চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন।

২৪. দেওবাৰে ভাৰতীয় সীমাৰ ওপৰত পাকিস্তানৰ হেলিকপ্টাৰ উৰণক লৈ পাকিস্তানৰ মন্তব্য- 'হেলিকপ্টাৰ আমাৰ সীমাতে আছিল, বিনাকাৰণত ভাৰতীয় সেনাই চলালে গুলি।'

২৫. পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পৰবেজ মুছাৰফ অসুস্থ। বৰ্তমান লণ্ডনৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।