১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. মূল্যবৃদ্ধি ৰোধৰ দাবীত টায়াৰ জ্বলাই পথ অৱৰোধৰে জাগুনত উত্তাল প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

২. আন্তৰ্জাতিক ভ্ৰমণে বিপদ মাতিব পাৰে ভাৰতলৈ। দক্ষিণ আফ্ৰিকাত কোভিডৰ নতুন ভেৰিয়েন্টে সৃষ্টি কৰিছে আশংকা,প্ৰভাৱ পৰিব ভাৰতত।

৩. মধ্য প্ৰদেশৰ মোৰেনাত উধমপুৰ-দূৰ্গ এক্সপ্ৰেছৰ এ১ আৰু এ২ ডবাত অগ্নিকাণ্ড সংঘটিত হয়।

৪. গুজৰাটত প্রধানমন্ত্রী গতিশক্তি সম্বন্ধীয় আঞ্চলিক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

৫. আকৌ দুৰ্ঘটনা কলীয়াভোমোৰা দলঙত। দলঙৰ ওপৰতে বাগৰিল কণ্টেইনাৰ ট্ৰাক। কেইবাঘণ্টা ধৰি বন্ধ হৈ পৰিল যাতায়াত।

৬. অসমতে পুনৰ অপমানিত অসমীয়া ভাষা। বৰাক ডেমোক্ৰেটিক ফ্ৰন্টে ৪৮ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত লিখা হৰ্ডিং আঁতৰাবলৈ কৰিলে দাবী।

৭. 'APSCত ইংৰাজী মাধ্যম' সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ মন্তব্য- APSCত ১০০ শতাংশই চাকৰি পাব অসমৰ নিবনুৱাই : মুখ্যমন্ত্ৰী

৮. চলন্ত ৰে'লত বিধ্বংসী অগ্নিকাণ্ড। শুকুৰবাৰে বিয়লি ৰাজস্থানৰ ঢৌলপুৰ আৰু মধ্যপ্ৰদেশৰ মৰেনা ষ্টেশ্যনৰ মাজত দুৰ্গ-উধামপুৰ এক্সপ্ৰেছ ৰে'লখনত সংঘটিত হয় অগ্নিকাণ্ড।

৯. মৰিগাঁৱৰ মৈৰাবাৰীত পৰিবহণ বিভাগৰ অভিযান- অবৈধ ই-ৰিক্সাৰ ডিলাৰৰ বিৰুদ্ধে এই অভিযান।

১০. চান্দা বিচাৰি শিৱসাগৰত পুনৰ গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা- অনুসূচিত জাতি যুৱ পৰিষদৰ ৪ নেতা গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ।

১১. পশ্চিম কাৰ্বি আংলঙত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী- অসম বিজ্ঞান সমাজ, ভাৰত জন বিজ্ঞান যাত্ৰাৰ এই অনুষ্ঠান

১২. কাটিগড়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাৰাথান দৌৰ!- ভূমি ৰাজহ দিবলৈ ৰাইজৰ হেতা-ওপৰা

১৩. যুগজয়ী বোলছবি 'চামেলি মেমচাব'ৰ নিগেটিভ ৰীল হস্তান্তৰ- অসম ৰাজ্যিক বোলছবি (বিত্ত আৰু উন্নয়ন) নিগমৰ হাতত অৰ্পণ নিগেটিভ ৰীল

১৪. ৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। তাকে লৈ এতিয়া বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

১৫. কোভিডৰ তৃতীয় ঢৌৰ আশংকা এতিয়াও নুই কৰিব পৰা নাই কোনেও। ৰোগ আৰু ৰোগীৰ সংখ্যা বৃদ্ধিৰ অনুপাতে ৰাজ্যৰ হাস্পতালসমূহত নাই পৰ্যাপ্ত চিকিত্‍সক।

১৬. বিধানসভাৰ প্ৰৱেশদ্বাৰত AIUDFৰ প্ৰতিবাদ- দলটোৰ ৩ বিধায়কে সাব্যস্ত কৰিলে প্ৰতিবাদ- APSC পৰীক্ষা সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা।

১৭. বৰাকত অসমীয়া ভাষাক অপমান সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া- 'সকলো ঠাইতে তেনে মানসিকতাৰ মানুহ দুই-এজন থাকে'।

১৮. গুৱাহাটীৰ গড়চুকৰ এখন হোটেলত আৰক্ষীৰ অভিযান- স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি প্ৰদান কৰা চিকিত্সকক গ্ৰেপ্তাৰ।

১৯. কলিয়াবৰৰ বুঢ়া পাহাৰত ভয়ংকৰ ঘটনা। দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল এখন তেল পৰিবাহী টেংকাৰ।

২০. ন ন অঞ্চললৈ সম্প্ৰসাৰিত হাতী-মানুহৰ শিহৰণকাৰী সংঘাত। বাক্সাৰ কুমাৰীকাটাত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ গচকত নিহত যুৱক।

২১. তেজপুৰৰ কলিবাৰী মেধীবাৰীত ভয়ংকৰ ঘটনা- দুখনকৈ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ।

২২. শিৱসাগৰৰ কালুগাঁৱৰ কিৰাইআলিত মহিলাৰ ৰহস্যজনক মৃত্যু। নিজা ঘৰৰে পাছফালে উদ্ধাৰ পূৰ্ণিমা গগৈ নামৰ ২৪ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ।

২৩. অৰুণাচল প্ৰদেশৰ খুনচাত চল' লকু উত্‍‍সৱ- নকটে জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে এই উত্‍‍সৱ।

২৪. কোকৰাঝাৰৰ ছালাকাটিত হাতীৰ আক্ৰমণত নিহত এজন- হাতীয়ে মহটিয়ালে মোৰাবাৰী গাঁৱৰ বেৰলাং ব্ৰহ্ম নামৰ লোকজনক।

২৫. ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ- বাসুগাঁৱৰ আউদো বজাৰত হাতীৰ উপদ্ৰৱ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in