মুখ্য-পৃষ্ঠা

নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ’ল নিৰ্মাণ ব্যয়….

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ নতুন সংসদ ভৱন নিৰ্মাণৰ ব্যয় বৃদ্ধি পাইছে। নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় পুনৰ ২৯ শতাংশ বৃদ্ধি কৰা হৈছে। পূৰ্বে ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এই সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য় পুনৰ ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দিয়া হৈছে। ইয়াৰ ফলত নতু সংসদ ভৱন নিৰ্মাণ ব্যয় সৰ্বমুছ ১,২৫০ কোটি টকালৈ বৃদ্ধি হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি নিৰ্মাণ ব্যয় বৃদ্ধিৰ কৰাণ হৈছে অতিৰিক্ত কাম, নিৰ্মাণ পৰিকল্পনাৰ পৰিৱৰ্তন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ। প্ৰকাশিত খবৰ মতে, কেন্দ্ৰীয় ৰাজহুৱা নিৰ্মাণ বিভাগে সংশোধিত আনুমানিক ব্যয়ৰ বাবে লোকসভা সচিবালয়ৰ পৰা নীতিগত অনুমোদন বিচাৰিছে। চি.পি.ডব্লিউ.ডি.-য়ে শেহতীয়াকৈ প্ৰকল্পটোৰ ব্যয়ৰ বিৱৰণ আৰু অগ্ৰগতিৰ বিৱৰণ পাঁচ জনীয়া পেনেল এখনত দাখিল কৰিছে। মেগা চেণ্ট্ৰেল ভিষ্টা পুনৰ্বিকাশ প্ৰকল্পৰ অধীনত সকলো কাম নিৰীক্ষণ কৰিবলৈ চৰকাৰে পেনেলখন গঠন কৰিছে।

টাটা গ্ৰুপে এই নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল। প্ৰাৰম্ভিক নিৰ্মাণ ব্যয় ৯৭১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। বৰ্তমানলৈকে এই প্ৰকল্পৰ ৪০ শতাংশ কাম আগবাঢ়িছে বুলি জানিব পৰা গৈছে। ২০২২ চনৰ ভিতৰত এই প্ৰকল্প অৰ্থাত নতুন সংসদ ভৱনৰ নিৰ্মাণ সম্পৰ্ণ হোৱাৰ কথা। কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে যে ২০২২ৰ শীতকালীন অধিৱেশন নতুন ভৱনটোত অনুষ্ঠিত হ'ব। অতিৰিক্ত কাম আৰু নিৰ্মাণ পৰিকল্পনাৰ পৰিৱৰ্তনৰ পাছতো প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ সময়সীমাত কোনো পৰিৱৰ্তন হোৱা নাই।

প্ৰস্তাৱিত চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে। এই নতুন ভৱন ৰাষ্ট্ৰপতি ভৱনৰ পৰা বেছি দূৰত নহয়। ইয়াৰ পূৰ্বে, প্ৰকল্পটো ৭৫ তম স্বাধীনতা দিৱসৰ আগতে সমাপ্ত হ'ব বুলি আশা কৰা হৈছিল। কিন্তু পৰৱৰ্তীসয়মত এই সময়সীমা অক্টোবৰলৈ নিৰ্ধাৰণ কৰা হৈছিল।

উল্লেখ্য যে বৰ্তমানৰ সংসদ ভৱনটো ৯৫ বছৰ পূৰ্বে ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত, কেন্দ্ৰীয় চৰকাৰে সংসদক কৈছিল যে পুৰণি সংসদ ভৱনটো অত্যাধিক ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ অৱনতি ঘটিছে। একে সময়তে, লোকসভা আসনৰ নতুন সীমানিৰ্ধাৰণৰ পিছত আসনৰ সংখ্যা বৃদ্ধি পাব। ফলত সাংসদসকলৰ বহিবলৈ পুৰণি ভৱনটোত পৰ্যাপ্ত স্থানৰো অসুবিধা হ'ব। সেইয়েহে এই নতুন ভৱন নিৰ্মাণ কৰা হৈছে।