নীলবাগানত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ…

নীলবাগানত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ মোৰাঝাৰঃ দুৰ্গা পূজাৰ আলম লৈ ৰাজ্যত বন মাফিয়াই সৰবৰাহ কৰিছে চোৰাং কাঠ৷বৃহৎ পৰিমানৰ চোৰাং কাঠ সৰবৰাহ কৰোতেই বৃহস্পতিবাৰে হোজাইৰ নীলবাগানত বন বিভাগে জব্দ কৰিলে এ এছ ০২ এ চি ৩৯০৩ নম্বৰৰ চোৰাং চেগুণ কাঠভৰ্তি ট্ৰাক।হোজাই বন বিষয়া গুণদীপ দাসৰ নিৰ্দেশত বন সুৰক্ষা বিষয়া মহেশ নাথে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে ট্ৰাকখন৷

জব্দ কৰা কাঠখিনিৰ মূল্য আনুমানিক ১ লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে৷উল্লেখ্য যে দুৰ্গা পূজাত সকলো ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠখিনি বন মাফিয়াসকলে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল যদিও বন বিভাগে গোপন সুত্ৰৰ ভিত্তিত এই কথা জানিব পাৰি অভিযান চলাই নীলবাগানৰ পৰা জব্দ কৰে কাঠভৰ্তি ট্ৰাকখন৷ জব্দ কৰা ট্ৰাকখন বন বিভাগে হোজাইৰ কাৰ্যালয়ত ৰাখি তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in