ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ সফলতাঃ ৩১ টা পদক লাভ…

ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ সফলতাঃ ৩১ টা পদক লাভ…

ডিজিটেল ডেস্কঃ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ সাতোঁৰ প্ৰতিযোগিতাত অসম দল দুটাই ৯ টা স্বৰ্ণ, ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বেংগালুৰুত ১৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসমৰ আড্ৰিজা ৰাণী চেতিয়াই ৩ টা স্বৰ্ণ পদক লাভ কৰাৰ লগতে ৩টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ৰূপম গগৈয়ে ১ টা স্বৰ্ণ আৰু এটা ব্ৰঞ্জ, জাহ্নবী কাশ্যপে ১ টা ৰূপ আৰু আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটোৰ মুখ্য প্ৰশিক্ষক ক্ৰীড়া প্ৰাধিকৰণ অসমৰ বাবুল গুৰুং।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in