নগাঁও প্ৰেছ ক্লাবত ‘আইৰ পৃথিবীৰ প্ৰতিবিম্ব’ উন্মোচন

নগাঁও প্ৰেছ ক্লাবত ‘আইৰ পৃথিবীৰ প্ৰতিবিম্ব’ উন্মোচন

ডিজিটেল সংবাদ নগাঁও: নগাঁও প্ৰেছ ক্লাবত শনিবাৰে আবৃত্তিকাৰ আৰু কবি নিৰ্মালি কলিতাৰ এখনি গ্ৰন্হ উন্মোচিত হয় ৷ বিয়লি নগাঁও প্ৰেছ ক্লাবত গ্ৰন্হখনি উন্মোচন কৰে কবি প্ৰদীপ শইকীয়া ডা° প্ৰয়াগ শইকীয়া অধিবক্তা ৰঞ্জিত নাথ গল্পকাৰ শিবানন্দ কাকতী চিনেমা প্ৰযোজক অৰূপ মান্নাই ৷

কবি প্ৰদীপ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত গ্ৰন্হ উন্মোচনে সভা খনৰ লগত সংগতি ৰাখি " কবিতা আৰু গল্প কথাৰে এটি আবেলি" অনুষ্ঠান অনুষ্ঠিত হয়। "আই পৃথিবীৰ প্ৰতিবিম্ব " শীৰ্ষক কবিতা গ্ৰন্হ খনি প্ৰকাশ কৰে নগাঁৱৰে বিৰিখ
প্ৰকাশনে ৷

১১০ পৃষ্ঠাৰ কবিতা গ্ৰন্হ খনিত কবি নিৰ্মালি কলিতাৰ ৬২ টা কবিতা সনিবিষ্ট কৰা হৈছে ৷ সভাখনিত লেখক তথা প্ৰশাসনীক বিষয়া জয়ন্ত কুমাৰ বৰাও তত্বগধুৰ বক্তব্য আগবঢ়ায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in