নগাওঁ কাণ্ডৰ শুনানিঃ পুৱাই মাতি আনি বহুৱাই থোৱা হৈছে কীৰ্তিকমলক গুলীওৱা ১২জনীয়া দলক, নিশা ল’ব ভাষ্য…

নগাওঁ কাণ্ডৰ শুনানিঃ পুৱাই মাতি আনি বহুৱাই থোৱা হৈছে কীৰ্তিকমলক গুলীওৱা ১২জনীয়া দলক, নিশা ল’ব ভাষ্য…

ডিজিটেল ডেস্কঃ এফালে কীৰ্তিকমল বৰাৰ গুৱাহাটীৰ GMCHত অস্ত্ৰোপচাৰ, ইফালে নগাঁৱত কীৰ্তিকমল গুলীবিদ্ধ হোৱা ঘটনাৰ সন্দৰ্ভত চৰকাৰৰ দ্বাৰা গঠিত পৱন বৰঠাকুৰ তদন্ত কমিটিৰ সাক্ষ্য গ্ৰহণ। নগাওঁবাসীৰ বাবেই নহয়, সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা কীৰ্তিকমল বৰা নামৰ মেধাৱী ছাত্ৰজনৰ ওপৰত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে।

মাৰাথান জেৰাঃ নগাওঁ আৱৰ্ত ভৱনত পৱন বৰঠাকুৰ

কিয়নো আজি পুৱা যিসময়ত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ নগাওঁ আৱৰ্ত ভৱন কচলুখোৱাৰ গুলীকাণ্ডৰ সন্দৰ্ভত সাক্ষ্যগ্ৰহণ আৰু জেৰাৰ বাবে হাজিৰ হৈছিলগৈ সেই একেসময়.তে গুৱাহাটী চিকিতসা মহাবিদ্যালয়ত আৰম্ভ হৈছিল কীৰ্তিকমল বৰাৰ সোঁভৰিত সোমাই থকা গুলী বাহিৰ কৰাৰ বাবে অস্ত্ৰোপচাৰ।

দুঘন্টীয়া অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাত তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে ৰাজ্যবাসীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে যাতে তেওঁৰ একো বিকাৰ নাথাকে সেইদিশত চকু ৰাখিবলৈ চৰকাৰক দাবী জনাইছে। ইফালে, আৱৰ্ত ভৱনত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আৰক্ষী অধীক্ষকৰ পৰা কচলোখোৱাৰ গুলীচালনা কাণ্ডত জড়ি নাৰ্কটিক স্কোৱাড আৰু ১৫ৰো অধিক স্থানীয় প্ৰত্যক্ষদৰ্শী লোকৰ সাক্ষ্য গ্ৰহণ তথা জেৰা পৰ্ব পুৱা ৯বজাৰ পৰা আৰম্ভ হয়।

সমান্তৰালভাৱে নগাওঁ চহৰত সদৌ অসম ছাত্ৰ সন্থাই কলচুখোৱা কাণ্ড আৰু অন্যান্য দাবীক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ কৰা প্ৰয়োজন যে, নগাওঁ আৱৰ্ত ভৱনত পুৱা ৯বজাত পৱন বৰঠাকুৰে প্ৰৱেশ কৰাৰ সময়ত সংবাদমাধ্যমে তেওঁৰ বক্তব্য শুনিব বিচাৰিছিল যদিও ইয়াৰ সুযোগ তেওঁ নিদিলে।

একেদৰে আৰক্ষী অধীক্ষকগৰাকীয়েও সংবাদমাধ্যমৰ আগত কথা কোৱাৰ পৰা বিৰত থাকিল। আনহাতে পুৱা ৯বজাৰ পৰাই আৱৰ্ত ভৱনত জেৰাৰ বাবে বহুৱাই থোৱা হয় প্ৰদীপ বণিয়া নেতৃত্বাধান নাৰ্কোটিক স্কোৱাডৰ ৮জনীয়া দলটোক। প্ৰথমেই আৰক্ষী অধীক্ষকগৰাকীক ৩ঘন্টা ধৰি সোধা-পোচা কৰাৰ পিছত পৱন বৰঠাকুৰে নগাঁও মহাবিদ্যালয়ত কীৰ্তিকমলক পঢ়োৱা প্ৰবক্তা আৰু তেওঁৰ পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃৰ লগতে চুবুৰীয়া ১৫গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ পিছতহে সন্ধিয়া প্ৰায় ৫বজাত নগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সোধা-পোচা কৰাৰ বাবে মাতি পঠিয়ায়।

প্ৰথম অৱস্থাত পুৱা ৯বজাৰ পৰা ৪বজালৈকে সাক্ষ্য গ্ৰহণ কৰা হব বুলি কোৱা হৈছিল যদিও বৰ্তমানলৈকে এয়া অব্যাহত আছে। আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পাছতহে নাৰ্কোটিক স্কোৱাডৰ ৮জনীয়া দলটোৰ প্ৰতিজন সদস্যক সুকীয়া-সুকীয়াকৈ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে সোধা-পোচা কৰিব বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১১বজা পৰ্যন্ত এই শুনানি অব্যাহত থাকিব। সেই পৰিপ্ৰেক্ষিততে আজি নিশা নগাওঁ আৱৰ্ত ভৱনতে থাকিব শীৰ্ষ প্ৰশাসনীয় মুৰব্বীগৰাকী। প্ৰয়োজন সাপেক্ষে কালিলৈ পুৱাৰ ভাগতো সাক্ষ্য গ্ৰহণেৰে প্ৰথম পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি তেওঁ গুৱাহাটীলৈ উভতিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in