নাগালেণ্ড চৰকাৰৰ আনলক-৬ ঘোষণাঃ খুলিব শিক্ষানুষ্ঠান, অনুষ্ঠিত হ’ব বিশ্ব প্ৰসিদ্ধ হৰ্নবিল  উৎসৱ

নাগালেণ্ড চৰকাৰৰ আনলক-৬ ঘোষণাঃ খুলিব শিক্ষানুষ্ঠান, অনুষ্ঠিত হ’ব বিশ্ব প্ৰসিদ্ধ হৰ্নবিল উৎসৱ

ডিজিটেল সবাদ ৱাখাঃ নাগালেণ্ডৰ কোভিড পৰিস্থিতি ক্ৰৰ্মাৎ নিয়ন্ত্ৰণলৈ অহাত নেইফিউ ৰিঅ' চৰকাৰে আনলক- ৬ ঘোষণা কৰিছে । বৃহস্পতিবাৰে ক'হিমাত মুখ্যমন্ত্ৰী ৰিঅ'ৰ অধ্যক্ষতা অনুষ্ঠিত গৃহ বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন বৈঠকে অহা ১ অক্টোবৰৰ পৰা ৫০% শিক্ষাৰ্থীৰে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিদ্যালয়ৰ খোলাৰ অনুমতি প্ৰদান কৰিছে ।

কিন্তু এই ক্ষেত্ৰত সকলো শিক্ষকে দুয়ো পালি কোভিড প্ৰতিষেধক লোৱাতো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে । একেদৰে ৰাজ্যত বিগত ডেৰবছৰ ধৰি বন্ধ হৈ থকা চিনেমা হ'ল আৰু চুইমিঙ পুলসমূহো পঞ্চাশ শতাংশ উপস্থিৰে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইফালে ৰাজ্যখনত বৰ্তমানৰ দৰে যদি কোভিড পৰিস্থিতি ৫ শতাংশৰ তলত নিয়ন্ত্ৰণত থাকে তেনেহলে ২০২১ বৰ্ষৰ বিশ্ব প্ৰসিদ্ধ হৰ্নবিল উৎসৱ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে । এই সন্দৰ্ভত অহা ২৩ ছেপ্টেম্বৰত নাগালেণ্ডৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগে সিদ্ধান্ত ল'বৰ বাবে এখন আন্ত: বিভাগীয় বৈঠকৰ আহবান কৰিছে ।

উল্লেখযোগ্য যে উৎসৱৰ ৰাজ্য নাগালেণ্ডত প্ৰত্যেক বছৰেই ১ ডিচেম্বৰ পৰা দহ ডিচেম্বৰলৈ বৰ্ণিল জনগোষ্ঠীয় লোক কৃষ্টিৰে নগা ঐতিহ্য গাঁও কিছামাত অনুষ্ঠিত হৈ আহিছে যদিও বিগত ২০২০ চনত লকডাউনৰ বাবে বাতিল কৰা হৈছিল । সম্প্ৰতি নাগালেণ্ড চৰকাৰৰ এই সিদ্ধান্তত পৰ্যটকসকল উৎফুল্লিত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in