দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন…

দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন…

ডিজিটেল সংবাদ বকোঃ দুটা পকা অমিতাৰ ওজন ৬ কিলো ১০০ গ্ৰাম। বকোৰ বড়গাওঁ বাকাৰাপাৰা গাঁৱৰ যুৱখেতিয়ক মুনীন্দ্ৰ দাসৰ অমিতাখেতিৰ এই অমিতা । শনিবাৰে ৰাতিপুৱা গুৱাহাটীৰ বামুনীমৈদাম বজাৰত বিক্ৰী কৰিবলৈ নিব যুৱখেতিয়ক গৰাকীৰ খেতিৰ অমিতা ।ঘৰৰ কাষৰ শিংৰা নদীৰ পাৰৰ তিনি কঠা মাটিত খেতিয়কগৰাকীয়ে কৰিছে প্ৰায় আঢ়ৈশ জোপা অমিতা খেতি ।

একোজোপা গছত পঞ্চাশ কিলোগ্ৰামলৈকে লাগিছে অমিতা । ছয় কিলোগ্ৰামতকৈ অধিক ওজনৰ পকা অমিতা দুটা শনিবাৰে গছৰ পৰা ছিঙি দেওবাৰে বজাৰলৈ বিক্ৰীৰ বাবে নিয়াৰ কথা আছিল যদিও অমিতা দুটা বেছিকৈ পকাত শুক্ৰবাৰে ছিঙিব লগা হ'ল । বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ পৰা ২০১৫ ইংবৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা মুনীন্দ্ৰ দাসে চাকৰিলৈ বাট নাচাই খেতিত মনোনিবেশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in