এপিএছচি কেলেংকাৰীঃ কাৰাৰুদ্ধ ৫৯জনৰ ভিতৰত প্ৰথম আৰ পি শৰ্মাৰ কন্যালৈ জামিন

চৰকাৰী অধিবক্তা পদৰ পৰা অব্যাহতি বিজন মহাজনক

ডিজিটেল ডেস্কঃ এপিএছচি কেলেংকাৰী গোচৰৰ নতুন মোৰ। এই গোচৰত চৰকাৰী অধিবক্তাৰ পৰা অব্যাহতি দিয়া হৈছে বিজন মহাজনক। উল্লেখ্য যে আদালতত তিনিটা তাৰিখত বিজন মহাজন উপস্থিত হোৱা নাছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মহাজনক এই গোচৰৰ পৰা অব্যাহতি দিয়া বুলি চৰ্চিত হৈছে। বিজন মহাজনৰ ঠাইত পাৰ্থপ্ৰতীম বৰুৱাক এপিএছচিৰ নতুন চৰকাৰী অধিবক্তাৰূপে নিযুক্তি দিয়া হৈছে।

ইফালে সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰিছে আদালতে। পিতৃৰ অসুস্থতাৰ বাবে পল্লৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰে আদালতে।

দুসপ্তাহৰ বাবে পল্লৱীক জামিন দিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাছ আলীৰ আদালতে। বৃক্ক সংৰোপণৰ পিছতে চিকিৎসালয়ত আই চি ইউত থকা আৰ পি শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ।