পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. পোষ্টাৰ কাণ্ডক লৈ BDF মুৰব্বী প্রদীপ দত্ত ৰয়ক আৰক্ষীৰ তলব।শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা প্রদীপ দত্ত ৰয়ক। কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰয়ক ৩ ঘণ্টা জেৰা। ৰয়ে অসমীয়া পোষ্টাৰ আঁতৰোৱাক লৈ প্রশাসনক দিছিল হুংকাৰ।

২. অসমীয়া সমাজখনৰ এটি পুৰণিকলীয়া পৰম্পৰা হৈছে – "আঘোনৰ ন-খোৱা বা ন-লগোৱা পৰম্পৰা" । অতীত পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি আজি চৰাইদউ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰত ন-লগোৱা অনুষ্ঠান ভাগি সুকলমে সম্পন্ন হৈ যায় ৷এই উপলক্ষে নামঘৰত দিনৰ ভাগত গাঁ‌ৱৰ সকলো ৰাইজ গোটখাই কীৰ্তন পাঠ আৰু গুৰুসেৱা কৰি নামঘৰততে নতুন চাউলৰ পায়স আৰু প্ৰসাদ আদি আগবঢ়াই পৰম্পৰা ৰক্ষা কৰি ন-লগোৱা কৰ্মভাগি সুন্দৰকৈ পালন কৰে ৷

৩. নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ চুলুং অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বাকৰিত জিলা মীন বিভাগ তথা কলিয়াবৰ মহকুমাৰ স্থানীয় ৰাইজৰ বিশেষ সহযোগত শুক্ৰবাৰে ভিন্ন চৰকাৰী বিভাগৰ এক বিশেষ পৰ্যবেক্ষণ কাৰ্য্যসূচী অনুস্থিত কৰা হয় । কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি পাতনি ব্যাখ্যা কৰে জিলা মীন উন্নয়ন বিষয়া ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে।

৪. অসম প্ৰাথমিক শিক্ষক সন্মিলনী কেৱল শিক্ষকৰ প্ৰাপ্য আদায়ৰ বাবে সংগ্ৰাম কৰি অহা এটা শিক্ষক সংগঠন নহয়।  শিক্ষক সন্মিলনীয়ে  প্ৰাপ্যৰ বাবে যথেষ্ট  যুঁজ কৰি অহাৰ সমান্তৰাল ভাৱে শিক্ষক সমাজৰ দায়িত্ব আৰু মৰ্যাদাৰ বাবেও কাম কৰে । ৰাজ্যখনত আজিও মধ্যাহ্ন ভোজনৰ এটা চাউল , এটা পইচা ,এটা ইউনিফৰ্ম নোপোৱাকৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণী সংযুক্ত কৰি লক্ষ্য লক্ষ্য শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে। 

৫. গাঁও আৰক্ষীয়ে ড্ৰাগছ বিক্ৰি কৰি থকা অবস্হাত হাতে লোতে আটক কৰিছে এগৰাকী মহিলাক ৷ চহৰৰ খনৰ নগাঁও ৰেল ষ্টেচন ওচৰৰ হোটেলবাৰীৰ পৰা শুক্ৰবাৰে সন্ধ্যা সাত বজাত আৰক্ষীয়ে আটক কৰে মহিলা গৰাকীক ৷ আটক কৰা মহিলা গৰাকীৰ হাতৰ পৰা ১১টা ব্ৰাউন চুগাৰৰ কন্টেনাৰ , কিছু সংখ্যক নিচায়ুক্ত টেবলেট আৰু কফ চিৰাপৰ বটল উদ্ধাৰ কৰে ৷ আৰক্ষীৰ মতে আটকাধীন মহিলা গৰাকী নাম চাবিনা বেগম ৷ ২৮ বছৰীয়া চাবিনাৰ ঘৰ পানী গাঁও চাৰিখূটিত ৷

৬. বিশিষ্ট সাহিত্যিক ,কৃতি শিক্ষক অধ্যাপক ৰত্নেশ্বৰ মেধিৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰে। বৰভাগ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা কৃতি শিক্ষক গৰাকীয়ে দুই শতাধিক গল্প, কবিতা, কেইবাখনো নাটক, উপন্যাস , দুখনকৈ ইংৰাজী ব্যাকৰণ, অনুবাদ সাহিত্য

৭. ড্ৰাগছ তথা নিচা যুক্ত ঔষধ এক সামাজিক ব্যাধি ৷ ইয়াৰ ব্যৱহাৰে আমাৰ সমাজখনক অস্থিৰ কৰি তোলে । সেয়ে আমাৰ সমাজখনক নিচাযুক্ত ঔষধৰ কবলৰ পৰা মুক্ত কৰিব লাগিব ৷ ইয়াৰ বাবে আমি সকলোৱে মিলি ঐকবদ্ধ ভাবে যুঁজ দিব লাগিব ৷ " এই বক্তব্য নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷ শুক্ৰবাৰে নগাঁৱৰ নেহেৰুৱালিত সামাজিক ,সাংস্কৃতিক যুৱ সংগঠন "উদ্যমৰ"উদ্যোগত আয়োজিত ড্ৰাগছ বিৰোধী ৰেলীত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই লগতে কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাৱে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে ।

৯. মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায়ঃ হায়ঃ, যোগান বিভাগ মুৰ্দাবাদ, এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে চলিবৈ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল'গানেৰে আজি মাৰ্ঘেৰিটাৰ জাগুনৰ আকাশ বতাহ কঁপাই তুলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ গেটত টিৰাপ-জাগুন আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথত টাইয়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

১০. অসমীয়া সমাজখনৰ এটি পুৰণিকলীয়া পৰম্পৰা হৈছে – "আঘোনৰ ন-খোৱা বা ন-লগোৱা পৰম্পৰা" । অতীত পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি আজি চৰাইদউ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰত ন-লগোৱা অনুষ্ঠান ভাগি সুকলমে সম্পন্ন হৈ যায় ৷এই উপলক্ষে নামঘৰত দিনৰ ভাগত গাঁ‌ৱৰ সকলো ৰাইজ গোটখাই কীৰ্তন পাঠ আৰু গুৰুসেৱা কৰি নামঘৰততে নতুন চাউলৰ পায়স আৰু প্ৰসাদ আদি আগবঢ়াই পৰম্পৰা ৰক্ষা কৰি ন-লগোৱা কৰ্মভাগি সুন্দৰকৈ পালন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in