বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ…

বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ…

ডিজিটেল ডেস্ক মায়ংঃ মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বুঢ়াবুঢ়ীত শুকুৰবাৰে দুপৰীয়াৰ ভাগত প্ৰাপ্তবয়স্ক লোক এজনৰ হাতত এগৰাকী নাবালিকা অসৎ চৰিতাৰ্থৰ কামনাৰ বলি হোৱা এক ঘটনাই আজিও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।লোকজনক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে ৫৫ বছৰীয়া এজন লোকে এই কাৰ্য সংঘটিত কৰে শুকুৰবাৰে দুপৰীয়াৰ ভাগত।পিতৃ দোকানত নথকাৰ সময়ত নাবালিকা গৰাকীক তামোল খোৱাৰ চলেৰে দোকানৰ ভিতৰতে অসৎ মানসিকতাৰে দেহৰ এটা অংশত হাত দিয়া বুলি অভিযোগ কৰে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে।অসৎ চৰিত্ৰৰ লোক জনৰ নাম হল আলাউদ্দিন।

বুঢ়াবুঢ়ী মাদ্ৰাছাৰ ৰান্ধনী হিচাপে থকা আলাউদ্দিনৰ এই কুকার্য দেখি নাবালিকা গৰাকীৰ মাতৃয়ে স্বামী আৰু ভাই ককায়েকক বিষয়টো অৱগত কৰে।লগে লগে উক্ত ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে লৰা ঢপৰা কৰি মাদ্ৰাছালৈ আহি লোকজনক বিচাৰি মাদ্ৰাছা চৌহদত প্ৰৱেশ কৰি উত্তাল কৰি তোলে ।হঠাৎ লোকজনক মাদ্ৰাছাৰ অফিচ ৰুমত বিচাৰি পায় ৰুমৰ পৰা গতিয়াই উলিয়াই আনি কিছু লপা থপা দি উত্তম মাধ্যম সোধাই ।

ইয়াৰ পিছতেই মাদ্ৰাছা পৰিচালনা সমিতিৰ দুই চাৰি বিষয়ববীয়াই পৰিস্থিতি শান্ত কৰিবলৈ নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকক বুজনি দি বিষয়টো সন্দৰ্ভত কথা পাতি থকাৰ সময়তে আমছুৰ প্ৰাক্তন সভাপতি ৰফিকুল ইছলামে বিষয়টো উত্তেজনা বৃদ্ধি নকৰিবলৈ এক সকীয়নী দিছিল নাবালিকা গৰাকীৰ পৰিয়ালক।তেনে সময়তে হঠাৎ মাদ্ৰাছা চৌহদত এক তীব্ৰ হুলোস্থূল আৰম্ভ হয়।লাহে লাহে বিষয়টো ক্ৰমাৎ জটিলৰ পৰা জটিল হৈ পৰে।তাৰ পিছতেই ৰফিকুল ইছলামক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আমছুৰ প্ৰাক্তন সভাপতি ৰাকীৰ পৰিয়ালৰ লোকে খেদি আহে আৰু সংঘাত হয় নাবালিকা গৰাকীৰ পৰিয়ালৰ লগত।দুই পক্ষৰ সংঘাতে এনে পৰ্যায় পায় যে আক্ৰমণ প্ৰতি আক্ৰমণত চাৰি জনকৈ লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

মাদ্ৰাছা চৌহদতে সৃষ্টি হোৱা ৰণখনত চাৰি জন লোক আহত হোৱাৰ পিছতেই ঘটনাৰ খৱৰ লাভ কৰি মায়ং আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয়।তাৰ পিছত পৰিস্থিতি কিছু নৰম হয় যদিও উত্তেজনা বৃদ্ধি হ'ব পাৰে বুলি শংকা কৰি চি আৰ ফি এফৰ জোৱান মোটায়েন কৰিব লগা হয় বুঢ়া বুঢ়ীত। আহত সকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।নিশাৰ ভাগত
দুয়োটা ফৈদে পৃথকে পৃথকে থানাত গোচৰ ৰুজু কৰে।নাবালিকা গৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত লম্পত চৰিত্ৰৰ আলালুদ্দিনক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

এই সমগ্ৰ ঘটনাৰ পাছত অপৰাধীক উচিত শাস্তি বিহাৰ দাবী জনাইছে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে।আৰক্ষীয়েও দুয়োটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।উক্ত ঘটনাক বুঢ়াবুঢ়ী আৰু কুৰাণীবৰী গাঁও দুখনৰ ৰাইজে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে।লগতে এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in