মৌনতা ভংগ কৰি অসমৰ এন আৰ চিক লৈ অৱশেষত মুখ খুলিলে মোদীয়ে

মৌনতা ভংগ কৰি অসমৰ এন আৰ চিক লৈ অৱশেষত মুখ খুলিলে মোদীয়ে

ডিজিটেল ডেস্কঃ অৱশেষত মৌনতা ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমবাৰৰ বাবে এক সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত এন আৰ চি সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দেশৰ কোনো নাগৰিকে শংকিত হ'ব নালাগে বুলি উল্লেখ কৰি সকলো ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'ব বুলি নিশ্চয়তা প্ৰদান কৰিলে মোদীয়ে। এ এন আইক দিয়া এক সাক্ষাৎকাৰত মোদীয়ে কয়- ভাৰতীয় নাগৰকিসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে সকলো সুযোগ লাভ কৰিব। ইয়াৰ বাবে সকলো পথ তেওঁলোকলৈ খোলা আছে বুলি মন্তব্য কৰে মোদীয়ে।

ইফালে, এন আৰ চিৰ বিৰোধিতা কৰি মমতা বেনাৰ্জীয়ে গ্ৰহণ কৰা স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰি মোদীয়ে কয়- 'যিসকলে নিজৰ ওপৰত বিশ্বাস আৰু আস্থা হেৰুৱাইছে তেওঁলোকে এনে আচৰণ কৰিছে। জনসমৰ্থন হেৰুৱাই পেলোৱা এইসকল লোকে সাম্প্ৰতিক সময়ৰ দেশৰ ধাৰাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে'।

বিদেশী চিনাক্ত আৰু বিতাড়নৰ বাবে উন্নীতকৰণ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত বিদেশী তথা চূড়ান্ত এন আৰ চি প্ৰস্তুতৰ পাছত বিদেশী বুলি চিনাক্ত লোকসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত কোনো ইংগিত নিদিলে প্ৰধানমন্ত্ৰীয়ে।

এদিনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পশ্চিম বংগত অসমৰ পৰা অবৈধ বাংলাদেশী যাবই লাগিব বুলি হুংকাৰ দিছিল। তাৰ বিপৰীতে আজি মোদীৰ মুখত শুনা গ'ল নৰম সুৰ।

শনিবাৰে কলকাতাত আয়োজিত যুৱ সমাবেশত অংশ লৈ মমতা বেনাৰ্জীৰ ভেটি কঁপাই অমিত শ্বাহে ঘোষণা কৰিছিল, মমতা আৰু ৰাহুল গান্ধীয়ে বিৰোধিতা কৰিলে অসমত এন আৰ চি হ'বই। দেশ এৰি যাব লাগিব বাংলাদেশী অনুপ্ৰৱেশকাৰী।

৮৫৫জন ছহিদৰ ত্যাগৰ পাছত প্ৰস্তুত হোৱা এন আৰ চি খচৰাত ইতিমধ্যে সোমাইছে বহু অবৈধ নাগৰিকৰ নাম। তাৰ বিপৰীতে যি ৪০ লাখ লোকৰ নাম বাদ পৰি গৈছে তাৰ ভিতৰত বেছি সংখ্যকে থলুৱা আৰু খিলঞ্জীয়া লোক।

তেনে পৰিস্থিতিত অসমত ইমান দিনে কৈ অহা বিদেশী অনুপ্ৰৱেশকাৰী ক'ত বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী জিলা কেইখনত মাত্ৰ ৭ শতাংশ লোকৰ নামহে এন আৰ চিৰ পৰা বাদ পৰি গৈছে।

প্ৰায় ৯৩শতাংশ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পাছত এই এন আৰ চি এতিয়া জাতিৰ বাবে ৰক্ষা কবচ হোৱাৰ সলনি অবৈধ নাগৰিকক ভাৰতীয় নাগৰিক ৰূপে স্বীকৃতি প্ৰদান কৰা এক আত্মঘাতী পদক্ষেপ হ'ব নেকি বুলিও চৰ্চিত হৈছে। সেয়া এতিয়া নিৰূপণ কৰিব চৰকাৰৰ স্থিতি তথা উচ্চতম ন্যায়ালয়ৰ কঠোৰ পৰ্যবেক্ষণৰ ওপৰত।

ন্যায়ালয়ে যি দৃঢ়তাৰে এই পদক্ষেপ আগবঢ়াই নিবলৈ চৰকাৰক বাধ্য কৰাইছিল তাত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কিমান সততাৰে সহযোগ কৰিলে সেয়াও আন এক বিচাৰ্যৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in