মৰিচাছৰ চাইবাৰ টাৱাৰক বাজপেয়ীৰ নামেৰে নামাকৰণ

মৰিচাছৰ চাইবাৰ টাৱাৰক বাজপেয়ীৰ নামেৰে নামাকৰণ

ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হ'ব মৰিচাছৰ চাইবাৰ টাৱাৰ। বিশ্ব হিন্দী সন্মিলনত ভাষণ প্ৰদান কৰি শনিবাৰে এইদৰে কয় মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগন্নাথে।

প'ৰ্ট লুইচত অনুষ্ঠিত হোৱা সন্মিলনখনত ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ উপস্থিতিত বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জনাই এই ঘোষণা কৰে মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এই চাইবাৰ টাৱাৰটো স্থাপনৰ ক্ষেত্ৰত দ্বীৰাষ্ট্ৰখনক প্ৰধানমন্ত্ৰী হৈ থকা সময়ত যথেষ্ট সহযোগিতা আগবঢ়াইছিল বাজপেয়ীয়ে। টাৱাৰটো স্থাপনত থকা বাজপেয়ীয়ৰ অৱদানক সুঁৱৰিয়েই এই সন্মান প্ৰদৰ্শন কৰিছে দেশখনে।

এইবৰ্ষৰ হিন্দী সন্মিলনৰ বিষয়বস্তু হৈছে 'হিন্দী ভাষাৰ বিশ্ব আৰু ভাৰতীয় সংস্কৃতি'। সন্মিলনখনত ভাগ ল'বৰ বাবে ইতিমধ্যে ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধি মৰিচাছত উপস্থিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in