অসম

আৰ্থিক সংকটত ভোগিয়েই জীৱন নাট সামৰিলে সাপ্তাহিক জনমভূমি কাকতৰ একালৰ সম্পাদক মনোৰম বৰুৱাই

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক তথা সাপ্তাহিক জনমভূমি কাকতৰ সম্পাদক মনোৰম বৰুৱাৰ সোমবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। ১৯৪০ চনৰ ১ অক্টোবৰত জন্ম হৈছিল এইগৰাকী বিশিষ্ট সাংবাদিকৰ। ২ অক্টোবৰ, ২০১৮ত নিশা ২ বজাত মৃত্যু হয় সাংবাদিক বৰুৱাৰ।

এসময়ত অতিকৈ জনপ্ৰিয় আছিল তেখেতৰ লিখাসমূহ। 'দুৰমুখৰ ডেয়াৰী' আছিল তেখেতৰ জনপ্ৰিয় স্তম্ভ। এই স্তম্ভ লিখিয়ে তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। অৱসৰৰ পাছতেই প্ৰচুৰ আৰ্থিক সংকটত ভুগিছিল এইগৰাকী সাংবাদিক। ছ'চিয়েল মিডিয়াতো তেখেতৰ এই আৰ্থিক দুৰৱস্থাক লৈ যথেষ্ট আলোচনা চলিছিল।

মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে। অসমৰ সংবাদজগতত নীৰৱে কাম কৰি যোৱা বৰুৱাই ডেৰ দশক ধৰি সাপ্তাহিক জনমভূমি কাকতৰ সম্পাদনা কৰিছিল। সেই কাকতৰ পৃষ্ঠাতেই তেখেতে বহু নতুন লেখক আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দিছিল। জীৱিত কালত তেওঁ বহু বঁটা আৰু সন্মানেৰে সন্মানিত হৈছিল।

উপন্যাস, কবিতা চৰ্চাৰে খ্যাতি অৰ্জন কৰা বৰুৱাৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৩খন। ৰাজনীতিক ব্যংগ ৰচনাতো আছিল তেখেতৰ বিশেষ হাত।  অতি শেহতীয়াকৈ তেখেতক সাংবাদিক পেঞ্চন দিছিল অসম চৰকাৰে। চিকিৎসাৰ বাবেও ধন হাতত নথকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছিল এইগৰাকী সাংবাদিক। নীতি আৰু আদৰ্শত কোনো দিনেই আপোচ কৰা নাছিল মনোৰম বৰুৱাই। যোৰহাটৰ ঢেকীয়াখোৱাত জন্মগ্ৰহণ কৰা বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত বিভিন্ন জনে শোক ব্যক্ত কৰিছে।