অসম

হিমাৰ খবৰ ল’বলৈ আহৰি নাই খোদ স্থানীয় বিধায়কৰ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এথলেটিকছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণজয়ী প্ৰথম ভাৰতীয় মহিলা হিচাৱে দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসৰ ধিং সমষ্টিৰ ৩নং কান্ধুলিমাৰী গাঁৱৰ বাসগৃহত আজি পৰ্যন্ত উপস্থিত হ'বলৈ সময় নাপালে স্থানীয় বিধায়ক আমিনুল ইছলামে৷

১২ জুলাইৰ নিশা ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০ অনুৰ্ধৰ ৪০০ মিটাৰত স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচা হিমাৰ গৃহত উপস্থিত হৈ পিছদিনাৰে পৰা অগণন লোকে পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে৷

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞাকে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় সাংসদ গৌৰৱ গগৈ, সাংসদ-মন্ত্ৰী ৰাজেন গোঁহাই, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, শাসক-বিৰোধীৰ কেইবাগৰাকীও বিধায়কৰ ওপৰিও বিভিন্ন অনুষ্ঠান, দল, সংগঠনৰ শীৰ্ষ বিষয়ববীয়া হিমাৰ ধিঙৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন ধৰণে মৰম-শুভাশীষ জনাইছে৷

নিজ সমষ্টিৰ জীয়াৰীগৰাকীয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনি দেশ-বিদেশৰ বিভিন্ন গন্য-মান্য লোকৰ প্ৰশংসা লাভ কৰিলেও স্থানীয় বিধায়ক আমিনুল ইছলামৰ বাবে এয়া যেন একেবাৰে সৰু কথা ! সেয়েহে আজি পৰ্যন্ত নিজ সমষ্টিৰ খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈ খবৰ এটা লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে সততে ছ'চিয়েল মিডিয়া, টেলিভিশ্যনৰ টক শ্ব'ত সৰৱ হৈ থকা বিধায়ক আমিনুলে৷

ধৰ্মৰ দোহাই দি ধিঙৰ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ সমষ্টি উন্নয়নৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিয়া অকৰ্মণ্য  বিধায়ক হিচাপে পৰিচিত আমিনুল ইছলামে ভাৰত গৌৰৱ হিমা দাসৰ প্ৰতি সাধাৰণ সৌজন্যতাখিনি প্ৰদৰ্শন নকৰাত ক্ষুব্ধ হৈ পৰিছে ধিঙৰ লগতে সমগ্ৰ নগাঁও জিলাৰ সচেতন ৰাইজ, অনুষ্ঠান তথা ভিন্ন দল-সংগঠন৷

বিজেপি, কংগ্ৰেছ, অগপকে প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বয়ো হিমা দাসৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ খা-খবৰ লৈ শুভেচ্ছা আদি জনাইছে যদিও অতি ৰহস্যজনকভাৱে নিজা বিধায়কৰ লগতে এ ইউ ডি এফ দলৰ কোনো প্ৰতিনিধিয়েই আজি পৰ্যন্ত হিমাৰ ঘৰত উপস্থিত নোহোৱাত বিষয়টোত গভীৰ গোন্ধ পাইছে স্থানীয় ৰাইজে৷ বিধায়ক আমিনুল আৰু এ,ইউ ডি এফৰ এনে কাৰ্যক একেমুখে গৰিহণা দিছে সকলোৱে৷

উল্লেখ্য যে, অসমীয়া প্ৰতিদিন গোষ্ঠীৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ নেতৃত্বত এটি দলে অলপতে হিমাৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছিল।