অসম-মেঘালয়ৰ সীমান্তৰ বিবদমান লাম্পিত উপস্থিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীঃ অসমে কেতিয়াও সংঘাত নিবিচাৰ..

অসম-মেঘালয়ৰ সীমান্তৰ বিবদমান লাম্পিত উপস্থিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীঃ অসমে কেতিয়াও সংঘাত নিবিচাৰ..
  • অসম-মেঘালয়ৰ সীমা সমস্যা ৰোধৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ পদক্ষেপ।
  • বিবদমান লাম্পিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী উপস্থিত।
  • দুয়ো ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যা সমাধান কৰিবলৈ এই পদক্ষেপ।
  • অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই স্থানীয় ৰাইজৰ সৈতে কৰিছে মতবিনিময়।
  • দুয়োৰাজ্যই বিচাৰে সমস্যাৰ সমাধান।
  • অসমে কেতিয়াও সংঘাত নিবিচাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
  • সীমা বিবাদ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা বিৰক্তিকৰ বিষয়।
  • অসম-মেঘালয়ৰ বিবদমান স্থানৰ সমস্যা সমাধানৰ বাবে গঠন কৰা হৈছে কমিটী।
  • কমিটীয়ে বিবদমান অঞ্চলৰ সাধাৰণ জনতাৰ সৈতে কথা পাতিছে।
  • আমি সকলো সমস্যা সমাধান কৰিব লাগিব।
  • একেদিনাই বিবাদ নিৰাময় কৰিব নোৱাৰি।
  • বিবদমান মান ১২ টা স্থানৰ ৬টা স্থানত প্ৰাৰম্ভিকতে বিবাদ নিষ্পত্তি কৰা হ'ব।
  • ভৱিষ্যত প্ৰজন্মৰ বাবে সুবিধা হোৱাকৈ সীমা সমস্যা নিষ্পত্তি কৰা হ'ব।
  • লাম্পিৰ জনতাৰ বাবে, উন্নয়নৰ বাবে কাম কৰিব লাগিব।
  • লাম্পিত বহুৱাব লাগিব মোবাইলৰ টাৱাৰ।
  • দুয়োখন ৰাজ্যই সীমান্তৰ লাম্পিৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব।
  • কেন্দ্ৰৰ সহায়ত যৌথভাৱে কৰা হ'ব লাম্পিৰ উন্নয়ন।
  • এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • আনহাতে কিছু সময়ৰ পিছতে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব এক সংবাদ মেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in