৭ ছেপ্তেম্বৰত ছবিঘৰলৈ ইমতিয়াজৰ ‘লাইলা মজনু’

৭ ছেপ্তেম্বৰত ছবিঘৰলৈ ইমতিয়াজৰ ‘লাইলা মজনু’

ডিজিটেল ডেস্কঃ বলীউডক জৱ উই মেট, তামাছা আৰু ৰকষ্টাৰৰ দৰে সফল ছবিৰ উপহাৰ দিয়াৰ পাছত এইবাৰ ছবিগৃহলৈ আহিব ইমতিয়াজ আলীৰ বহু প্ৰত্যাশিত ছবি "লাইলা মজনু"।

ইতিহাসৰ প্ৰেমৰ আটাইতকৈ মনোৰম কাহিনীটোক নতুন ৰূপত সজাই-পৰাই প্ৰস্তুত কৰা ছবিখন ছবিগৃহত মুক্তি লাভ কৰিব অহা ৭ ছেপ্তেম্বৰত। একতা কাপুৰৰ প্ৰযোজনা, চাজিদ আলীৰ পৰিচালনাৰে ভূ-ৰ্স্বগ কাশ্মীৰত শ্বুটিং কৰা এই ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিব তৃপ্তি ডিমৰী, মীৰ চৰৱাৰ আৰু অবিনাশ তিৱাৰীয়ে।

ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰত কাশ্মীৰৰ মনোৰম পৰিৱেশৰ লগতে তাৰ কিছুমান ক'লা অধ্যায়ো উজাগৰ কৰিছে। ৰোমান্টিক এই ছবিখনে নৱপ্ৰজন্মৰ পৰা বিপুল সহাঁৰি পাব বুলি আশা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in