দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত…

দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ দক্ষিণে নাতিদূৰত অৱস্থিত কোৱাইকটা সত্র। গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই গুৰুভিঠা বৰদোৱা আৱিস্কাৰ কৰিবলৈ আহোতে এই কোৱাইকটাৰ মাজেৰে অতব্য হাবি জংঘল কাটি বাট উলিয়াই গৈ বৰদোৱা আৱিস্কাৰ কৰিছিল। তেতিয়াৰে পৰাই কোৱাইকটা সত্রখনি স্থানীয় কৈৱৰ্ত গাঁওখনৰ ৰাইজে অতি আগ্ৰহেৰে, ভক্তিভাৱেৰে প্ৰতিপাল কৰি আহিছে।

আজি পৰ্যন্ত পৰ্যটকৰ আকৰ্ষন হোৱাকৈ সত্রখনিৰ একো উন্নয়ন হোৱা নাই। কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ সত্রসমূহৰ উন্নয়নৰ ক্ষেত্রত লোৱা পদক্ষেপত দুদৰ্শাগ্ৰস্ত সত্রখনিয়েও কিছু প্ৰাণ পোৱাৰ এক সুদুৰপ্ৰসাৰী আঁচনি পৰিচালনা সমিতিখনে গ্ৰহন কৰাৰ সময়তে ধুমকেতুৰ দৰে যুগল চন্দ্ৰ দেৱ গোস্বামী নামৰ ব্যক্তি এজনে সত্রখনিৰ ঐতিহ্য আৰু পৰম্পৰাত ব্যাঘাট জন্মোৱাৰ লগতে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক দীৰ্ঘদিনীয়া বান্ধোনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা বুলি এক সংবাদ মেল যোগে সদৰি কৰে কোৱাইকটা সত্রৰ পৰিচালনা সমিতিয়ে।

দুৰ্দশাগ্ৰস্ত সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে শুক্ৰবাৰে নামঘৰত একেলগে বহি হিন্দু মুছলমান ভকতে সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰলৈ জনালে আবেদন। সত্রখনিৰ পৰিচালনা সমিতিৰ সভাপতি যামিনি দাস, প্ৰচাৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, স্থানীয় বিশিষ্ট ব্যক্তি ইব্ৰাহিম আলি, সত্রখনিৰ প্ৰাক্তন সম্পাদক সুৰেন চন্দ্ৰ দাস, উপদেষ্টা হৰেশ্বৰ দাসকে ধৰি সত্রখনিৰ লগত নিবিৰভাৱে জড়িত বহু সংখ্যক ৰাইজৰ উপস্থিতিত স্বয়ম্ভূ সত্রাধিকাৰ যুগল গোস্বামীক সংবাদমেল যোগে সকিয়াই দি কয় যে ইতিহাস আৰু জনশ্ৰুতিক বিকৃত নকৰি কোৱাইকটা সত্রৰ ঐতিহ্যত ব্যাঘাট জনোৱা কাম যাতে পৰবৰ্তী সময়ত নকৰে অন্যথা তেওঁক ক্ষমা কৰা নহব। এই সংবাদ মেলত চৰকালৈও আহ্বান জনাই কয় যে- দুদৰ্শাগ্ৰস্ত এই ঐতিহ্য ক্ষেত্রখনি উন্নয়ন আৰু সংবৰ্ধনৰ ক্ষেত্রত চৰকাৰে দৃষ্টি দি দুষ্ট চক্ৰক উচিত তদন্তৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in