মুখ্য-পৃষ্ঠা

সফলতাৰে সম্পন্ন গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমলৰ ভৰিৰ অস্ত্ৰোপচাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সফলতাৰে সম্পন্ন হল নগাঁৱত গুলীবিদ্ধ হোৱা ছাত্ৰ নেতা কীৰ্তিকমলৰ ভৰিৰ অস্ত্ৰোপচাৰ। শুকুৰবাৰে জি এম চি এইচত এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। চিকিতসকে সদৰি কৰা মতে, ডাক্তৰৰ সকলো পৰামৰ্শ আখৰে আখৰে পালন কৰিলে এমাহৰ ভিতৰত কীৰ্তিকমলে আগৰ দৰেই চলা-ফিৰা কৰিব পাৰিব। উল্লেখ কৰা প্ৰয়োজন যে, কীৰ্তিকমল গুলিবিদ্ধ ভৰি অস্ত্ৰোপচাৰৰ পাছতে এমাহৰ ভিতৰতে আগৰ দৰে হব বুলি সদৰি কৰিছি জি এম চি এইচৰ অধ্যক্ষইও।

ইফালে শুকুৰবাৰে নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডে কীৰ্তি কমল বৰাক গুলীয়াই আহত কৰাৰ বিষয়ত আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰে অসম চৰকাৰে গঠন কৰি দিয়া এজনীয়া কমিটীয়ে। এই তদন্ত কমিটীৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে নগাঁৱৰ আৱৰ্ত ভৱনত দিনৰ ২ বজাৰ পৰা ৪ বজালৈ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰে।