এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন…

এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াভোমোৰা দলঙত পুনৰ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি ওলমি ৰ'ল এখন ট্ৰাক। শুক্ৰবাৰে কলিয়াভোমোৰা দলঙৰ ১৮ আৰু ১৯ নম্বৰ খুঁটাৰ মাজভাগত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ NL 01A B 3444। ট্ৰাকখনে এখন নম্বৰ প্লেটবিহীন মালবাহী টাটা মেজিকক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাৰ পিছত সন্ধানহীন ট্ৰাকখনৰ হেণ্ডিমেনজন।

সন্ধানহীন ট্ৰাকখনৰ হেণ্ডিমেনজন বাগৰিৰ দিলীপ তাছা। দুৰ্ঘটনাটোৰ ফলত দলঙৰ দুয়োপাৰে আবদ্ধ হৈ পৰে বহু যানবাহন। উল্লেখযোগ্য যে যোৱা ২২ নবেম্বৰত এখন ট্ৰাক দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰাৰ পিছত আজি পুনৰ প্ৰায় একে স্থানতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনাস্থলীত তেজপুৰ আৰক্ষীৰ লগতে কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উঠোৱাৰ চেষ্টা চলাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in