৮৯ সংখ্যাক জন্মদিনত কিশোৰ কুমাৰক স্মৰণ

৮৯ সংখ্যাক জন্মদিনত কিশোৰ কুমাৰক স্মৰণ

ডিজিটেল ডেস্কঃ ৪ আগষ্ট, শনিবাৰ। আজি বলীউডৰ দ্বিগজ সংগীতজ্ঞ, অভিনেতা, গায়ক কিশোৰ কুমাৰৰ ৮৯ সংখ্যাক জন্মদিন। বলীউডৰ বহু ছুপাৰ হিট গানৰ আঁৰৰ মানুহ আছিল এইগৰাকী শিল্পী।

কিশোৰ দা নামেৰে পৰিচিত এই সংগীতজ্ঞগৰাকীক কোনোকালেই বলীউডে পাহৰিব নোৱাৰে। তেওঁৰ কণ্ঠত আছিল যাদু। কণ্ঠৰ পৃথিৱীত তেওঁ আছিল একছত্ৰী সম্ৰাট।

১৯২৯ চনৰ ৪ আগষ্টত জন্ম হৈছিল কিশোৰ কুমাৰৰ। প্ৰথমে তেওঁৰ নাম আছিল আভাস গাংগুলী। তেওঁৰ পিতৃ কুঞ্জিলাল গাংগুলী আছিল বিখ্যাত অধিবক্তা। কিশোৰ কুমাৰৰ জ্যেষ্ঠ ভাতৃ অশোক কুমাৰ বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা আছিল। সেইসূত্ৰে অশোক কুমাৰে কিশোৰ কুমাৰক গায়কৰ সলনি অভিনেতা ৰূপে তেওঁৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।

জ্যেষ্ঠ ভাতৃৰ ছত্ৰ-ছায়াত অভিনেতাৰূপে ভূমুকি মাৰিলেও শেষত গায়ক ৰূপেহে অধিক পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰিছিল কিশোৰ কুমাৰে। সংগীতৰ ক্ষেত্ৰখনত সফলতা তেওঁৰ পাছত দৌৰিছিল। সাংসাৰিক দিশত কিশোৰ কুমাৰ আছিল উদাস।

প্ৰথমবাৰ ৰুমা দেৱীৰ সৈতে কিশোৰ কুমাৰৰ যুগ্ম জীৱন আৰম্ভ হৈছিল। কিন্তু এই সংসাৰ বেছিদিন নিটিকিল। ৰুমাৰ সৈতে বিচ্ছেদৰ পিছতেই কিশোৰ কুমাৰৰ জীৱনলৈ আহিছিল মধুৱালা। মধুৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতেই কিশোৰ কুমাৰে তেওঁৰ নাম সলাই কৰিম আব্দুল ৰাখে। ৯ বছৰ পিছত কিশোৰ কুমাৰ তথা পৃথিৱীৰ পৰাই বিদায় ল'লে মধুৱালাই।

১৯৭৬ চনত অভিনেত্ৰী যুগিতাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় এইগৰাকী বিশিষ্ট গায়ক। কিন্তু সেই সম্পৰ্কও মাত্ৰ দুবছৰহে টিকিল। কিশোৰ কুমাৰক এৰি মিথুন চক্ৰৱৰ্তীৰ সৈতে যুগিতাৰ নতুন সম্পৰ্কই গঢ় লোৱাৰ পিছত ১৯৮০ চনত কিশোৰ কুমাৰে অন্তিমবাৰৰ বাবে লীনা চন্দাৱাৰকাৰৰ সৈতে বিবাহ পাশত বহে।

১৯৪৬ পৰা ১৯৮৭ লৈকে ভাৰতীয় চিনেমা জগতত দপদপাই থকা থকা কিশোৰ কুমাৰে  ৮ বাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ গায়কৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল। ডিঙিৰ মাত ভাঙি গান গোৱাতো আছিল তেওৰ প্ৰধান বৈশিষ্ট্য। ১৯৬৯ চনত মুক্তি পোৱা 'কোৰা কাগজ হে ইয়ে দিল মেৰা', 'ৰূপ তেৰা মস্তানা', 'মেৰে সপনো কি ৰাণী' এই তিনিটা গীতে কিশোৰ কুমাৰক দিছিল বিশেষ পৰিচয়। 'চিকমিক বিজুলী' , 'পক্ষীৰাজ ঘোৰা' শীৰ্ষক জনপ্ৰিয় অসমীয়া গীততো কন্ঠদান কৰিছিল কিশোৰ কুমাৰে। ১৯৮৭ চনৰ ১৩ অক্টোবৰত দেহাৱসান ঘটিছিল এইগৰাকী বিশিষ্ট গায়কৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in