মুখ্য-পৃষ্ঠা

কেৰালাৰ বানত ক্ষতিৰ পৰিমাণ ৮হাজাৰ কোটিৰো অধিক

asomiyapratidin

ডিজিটেল ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুমান প্ৰায় সঁচা প্ৰমাণিত কৰি ১৬ ৰাজ্যৰ প্ৰায় কেইখনতেই এতিয়া ধাৰাসাৰ বৰষুণ আহিছে। অসমতো বতৰ ডাৱৰীয়া হৈ আছে আৰু নিশাৰ ভাগত  যথেষ্ট হাৰত বৰষুণ হয়।

ইফালে, কেৰালাত বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ অহা বৰষুণৰ বাবে ৰাজ্য প্ৰশাসন অধিক চিন্তিত হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত ১৫ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ অহাৰ ভৱিষ্যতবাণী কৰিছে।

কেৰালাত ইদ্দুকি হাডেল ৰিজাভাৰৰ পানী কমিছিল যদিও পুনৰ বৰষুণ অহাত নদীবান্ধটোৰ জলাশয়ত জমা ৰখা পানী এৰি দিবলগীয়া পৰিস্থিতি সৃষ্টি হ'ব পাৰে। এতিয়ালৈকে কেৰালাত এই বানত ক্ষতি হোৱা ধন-সম্পত্তিৰ পৰিমাণ ৮হাজাৰ কোটিৰো অধিক হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে।

প্ৰাথমিক প্ৰতিবেদনত কেৰালা চৰকাৰে এই ক্ষতিৰ পৰিমাণ ৮,৩১৬কোটি টকা বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক কমেও ৪০০ কোটি টকা বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দিয়াৰ দাবী তুলিছে। বানত প্ৰায় ২০হাজাৰ লোক গৃহহাৰা হোৱাৰ লগতে ১০হাজাৰ কিঃমিঃ পথ নষ্ট হৈছে।

কেৰালাৰ মু্খ্যমন্ত্ৰীয়ে এক টুইটযোগে এই তথ্য সদৰি কৰি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলক বানক্ষতিগ্ৰস্ত ৰাজ্যখনলৈ পঠিয়াবৰ বাবে অনুৰোধ কৰিছে। এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হোৱা কেৰালাত এতিয়া অনুষ্টুপিয়াকৈহে অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস।

এতিয়াও ৰাজ্যখনৰ ৮খন জিলাত বানৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা আছে। মুলতঃ নদীবান্ধত জমা থকা পানী এৰি দিয়াৰ বাবেই কেৰালাৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বানত ৩৭জন লোক নিহত হোৱা ৰাজ্যখনত এতিয়াও সন্ধানহীন হৈ আছে ১০জনৰো অধিক লোক।