কেবিচিত ৭ কোটি টকাৰ বাবে হট ছীটত বহা বিনীতাৰো আছে কৰুণ অতীত…

কেবিচিত ৭ কোটি টকাৰ বাবে হট ছীটত বহা বিনীতাৰো আছে কৰুণ অতীত…

ডিজিটেল ডেস্কঃ 'দেৱী অ'ৰ সজ্জনো মেৰে চামনে হট ছীট পৰ বেঠ গয়ী হে গুৱাহাটী, আছাম চে আয়ী এক কোচ্চিং ইনষ্টিটিউট কী টিচ্চাৰ। বিনীতা জৈন ইনকা নাম হে। বিনীতা জৈন কে জীৱন কা এক হী সিদ্ধান্ত হে 'লাইফ হেজ টু মুভ অ'ন', জীৱন চলনে কা নাম হে।' – কৌন বনেগা ক্ৰ'ৰপতিৰ হট ছীটত বহি এইদৰে সেইদিনা আৰম্ভ কৰিছিল অমিতাভ বচ্চনে অনুষ্ঠানৰ।

দশম সংস্কৰণৰ কেবিচিৰ তেতিয়ালৈকে কোনো এজন প্ৰতিযোগীয়ে লাভ কৰা নাছিল ১ কোটি টকা। মাথো দুজনে লাভ কৰিছিল ২৫লাখ টকাকৈ। এই সকলোবোৰত কৈ ব্যতিক্ৰম আছিল এইগৰাকী মহিলা। অমিতাভ বচ্চনে সুধি গৈছিল ইটোৰ পাছত সিটো প্ৰশ্ন। আৰু প্ৰতিটো প্রশ্নৰ শুদ্ধ উত্তৰ দিছিল অসমৰ বিনীতা জৈনে।

যেতিয়া অমিতাভ বচ্চনে কৈছিল- তেওঁ এক কোটি টকা জিকিছে। দুহাত কঁপালত থৈ বিনীতা জৈনে ভাবিছিল এয়া সপোন নে দিঠক। ইতিমধ্যে এই খণ্ডটোৰ দৃশ্যগ্ৰহণ হৈ গৈছে যদিও সম্প্ৰচাৰ হোৱা নাই। মঙলবাৰে নিশা ৯.০০ বজাত সম্প্ৰচাৰ হ'ব এই খণ্ডটো। ছনীত সম্প্ৰচাৰিত হ'ব লগা এই কেবিচিৰ খণ্ডটোৰ প্ৰ'ম' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।

তাত স্পষ্টকৈ আছে বিনীতা জৈনে ১ কোটি টকা জিকাৰ পাছত ৭ কোটিৰ বাবে অমিতাভ বচ্চনৰ প্ৰশ্নৰ সন্মুখীন হ'ব। বিনীতা জৈনে ৭ কোটি টকা জিকিলে নে তাক জানিবলৈ অপেক্ষা কৰিব লাগিব মঙলবাৰৰ কেবিচি খণ্ডটোলৈ। ইতিমধ্যে সেই প্ৰ'ম'বোৰত অমিতাভ বচ্চনে বিনীতাক ৭ কোটি প্রশ্নৰ বাবে সাজু হ'বলৈ কোৱা দৃশ্য সন্নিবিষ্ট হৈছে।

অসমৰ মহিলাই যেন এইবাৰ ইটোৰ পাছত সিটো সফলতা বুটলিছে। হিমা, ৰীমাৰ পাছত এইবাৰ বিনীতা উজ্বলি উঠিছে কেবিচিত। কিয়নো এতিয়ালৈকে কোনেও কেবিচিত ১ কোটি টকা জিকিবলৈ সক্ষম হোৱা নাই। এই বিনীতা জৈনৰ আছে এক কৰুণ কাহিনী। সেয়া আছিল ২০১৩চনৰ কথা। ব্যৱসায়িক কাৰণত বিনীতাৰ স্বামী গৈছিল ঘৰৰ পৰা ওলায়।

সেই যাত্ৰাই বিনীতাৰ স্বামীৰ শেষ যাত্ৰা হ'ল। ঘূৰি নাহিল তেওঁৰ স্বামী। বহু খা-খবৰ কৰাৰ পাছত গম পোৱা গ'ল, অপহৰণ কৰা হৈছিল বিনীতাৰ স্বামীক। ১৫ বছৰ আগৰ কথা এয়া। বিনীতাৰ মতে কোনো বিদ্ৰোহী সংগঠনে অপহৰণ কৰিছিল তেওঁৰ স্বামীক। তাৰ পাছত খবৰ নাই স্বামীৰ। কিন্তু বিনীতাই ভাবিলে তেওঁলৈ অপেক্ষা কৰাৰ লগে লগে জীৱনকো আগুৱাই নিব লাগিব।

বিনীতাৰ আছে দুটিকৈ সন্তান। দুই সন্তানক চোৱাচিতা কৰাৰ লগতে জীৱন আৰু জীৱিকাৰ পথৰ সন্ধানত বিনীতাই আৰম্ভ কৰিলে  টিউচন। এইদৰে হতাশৰ মাজেৰেও বিনীতাই আগুৱাই নিলে নিজৰ জীৱন। তাৰ পাছত বিনীতাই খুলিলে এটা কোচ্চিং চেন্টাৰ। আৰু সেইজনী বিনীতাই এতিয়া অমিতাভ বচ্চনৰ সন্মুখত, কেবিচিৰ হট ছীটত।

৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা কেবিচিৰ দশম সংস্কৰণত বিনীতাই প্ৰথমগৰাকী কোটিপতি। নৱম সংস্কৰণতো এগৰাকী মহিলাই লাভ কৰিছিল কোটি টকাৰ ধন।৭ কোটিৰ বাবে অমিতাভ বচ্চনৰ প্ৰশ্নৰ ইতিমধ্যে সন্মুখীন হৈছে বিনীতা। কিন্তু কি হ'ব সেই ফলাফল। তাৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিব লাগিব। মঙলবাৰৰ কেবিচিৰ এই খণ্ডটো সম্প্ৰচাৰ হোৱালৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in