অসম

হায় মানৱতা! নিজ পিতৃৰ হাততে সুৰক্ষিত নহয় কন্যা

asomiyapratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউৰী-চিলাবন্ধাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক জঘন্য কাণ্ড। লম্পট পিতৃৰ কামনাৰ বলি হ'ল ১৪ বছৰীয়া কন্যা। ঘৰত কোনো নথকাৰ সুযোগত নিজ কন্যাকে যৌন নিৰ্যাতন চলাই পিতৃয়ে। কিশোৰীগৰাকীৰ মাতৃ কৰ্মসুত্ৰে ৰাজস্থানত থকাৰ বাবে  বৰদেউতাকৰ ঘৰত থাকে কিশোৰীগৰাকী।

লম্পট পিতৃয়ে নিজ গৃহলৈ নি কন্যাৰ সৈতে সংঘটিত কৰে সমাজক লজ্জানত কৰা এই দুষ্কাৰ্য্য। ইফালে স্থানীয় ৰাইজে পিতৃ সমীৰ নাথক উত্তম মাধ্যম সোধাই নিশা চমজাই দিয়ে কলিয়াবৰ আৰক্ষীক। ইতিমধ্যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি কলিয়াবৰ আৰক্ষীয়ে  লম্পট পিতৃৰ বিৰুদ্ধে পঞ্জীয়ন কৰিছে গোচৰ।