কলিয়াবৰত গাড়ীৰ খুন্দাত পহুৰ মৃত্যু…

কলিয়াবৰত গাড়ীৰ খুন্দাত পহুৰ মৃত্যু…

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ চতিয়ালত গাড়ীৰ খুন্দাত এটা পহুৰ মৃত্যু। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অচিনাকি বাহনৰ খুন্দাত মৃত্যু হয় পহুটোৰ।শুক্ৰবাৰে কাহিলি পুৱাতেই অচিনাকি বাহনে খুন্দিয়াই নিহত কৰে পহুটো। অচিনাকি বাহনে পহুটো খুন্দিয়াই পথৰ দাঁতিত ওফৰাই পেলাই থৈ পলায়ন কৰে।উল্লেখযোগ্য যে, কলিয়াবৰৰ কলঙৰ পাৰৰ হাবিত শতাধিক পহু বিচৰণ কৰি আহিছে বিগত প্ৰায় ৫ বছৰ ধৰি। সময়ে- সময়ে ঘাইপথলৈ ওলাই আহে এই পহুসমূহ। ইতিমধ্যে কেইবাটাও পহু এনেদৰে গাড়ীৰ খুন্দাত নিহত হৈছে কলিয়াবৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in