অসম

আই পি এলত ‘ভিভো’ আউট, ক্ৰিজত ‘টাটা’ !

asomiyapratidin

ডিজিটেল ডেস্কঃ চীনৰ মোবাইল ফোন নিৰ্মাতা প্ৰতিষ্ঠান ভিভো নাথাকিব আই পি এলত। আই পি এলৰ টাইটেল স্প'নছৰ ভিভোক আই পি এলৰ পৰা আঁতৰাই ভাৰতীয় প্ৰতিষ্ঠান টাটা হ'ব আই পি এলৰ টাইটেল স্প'নছৰ। ২০২৩ বৰ্ষৰ পৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ঐশ্চয্যশালী প্ৰতিযোগিতা আই পি এল ২০২৩ ৰ পৰা টাটা আই পি এল বুলি জনাজাত হ'ব।

আই পি এলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে এই বিষয়ে অৱগত কৰিছে। মঙ্গলবাৰে আই পি এলৰ পৰিচালনা পৰি।দৰ এক বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে আই পি এলৰ টাইটে স্প'নছ হিচাপে থকা ভিভোৱে প্ৰতিবছৰে বি চি চি আইক ৪৪০ কোটি টকা পৰিশোধ কৰি আহিছিল।

বিগত বৰ্ষত ভাৰত-চীন বিবাদক লৈ দেশত প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়ত ভিভোৱে এবছৰৰ বাবে আই পি এলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বি চি চি আইৰ ভিভোৰ সৈত ৫ বছৰীয়া এক চুক্তি আছিল। সেই চুক্তি অনুসৰি ভিভোৱে বি চি চি আইক ২১৯০ কোটি টকা প্ৰদান কৰাৰ কথা আছিল।