এতিয়াৰে পৰা ভাড়ালৈ দিব ৰে’লঃ ইচ্ছানুসৰি ভ্ৰমণ কৰিব পাৰিব পৰ্যটন কেন্দ্ৰ …

এতিয়াৰে পৰা ভাড়ালৈ দিব ৰে’লঃ ইচ্ছানুসৰি ভ্ৰমণ কৰিব পাৰিব পৰ্যটন কেন্দ্ৰ …

ডি়জিটেল ডেস্কঃ আপোনাৰ যদি চাৰি চকীয়া বাহন নাই অথবা আপোনাৰ চাৰি চকীয়া বাহন থকাৰ পিছতো অত্যন্ত প্ৰয়োজনত ভাড়ালৈ ব্যৱহাৰ কৰে আন চাৰি চকীয়া বাহন। পৰিয়ালৰ সৈতে ফুৰিবলৈ গ'লে বা আন প্ৰসংগত এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমণ কৰিলে নিশ্চয় চাৰি চকীয়া বাহন ভাড়া কৰে। এয়া এক স্বাভাৱিক কথা। কিন্তু আপুনি কেতিয়াবা ৰে'ল ভাড়ালৈ লোৱাৰ বিষয়ে শুনিছেনে? বা আপুনি কেতিয়াবা ৰে'ল ভাড়া কৰাৰ কথা চিন্তা কৰিছেনে? আপুনি এই বিষয়ে চিন্তা নকৰিলেও কিন্তু ভাৰতীয় ৰে'লৱেই এই বিষয়ে চিন্তা কৰিছে। এতিয়াৰে ভাড়ালৈ ব্যৱহাৰ কৰিব পাৰিব ৰেল।

ভাৰতৰ সমৃদ্ধ আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে 'ভাৰত গৌৰৱ' আঁচনিৰ অধীনত ইষ্টাৰ্ণ ৰে'লৱেই ভ্ৰমণ আৰু পৰ্যটন খণ্ডলৈ ৰেলৰ ডবা ভাড়ালৈ দিবলৈ সাজু হৈছে। এই তথ্য ইষ্টাৰ্ণ ৰে'লৱেৰ জেনেৰেল মেনেজাৰ অৰুণ অৰোৰাই প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এইয়া ৰে'লৱেৰ ব্যক্তিগতকৰণ নহয়। এই ব্যৱস্থাৰ জৰিয়তে পৰ্যটকসকলক কোনো বাধা অবিহনে এটা ঠাইতে সকলো সুবিধা লাভ কৰাত সহায় কৰিব।

'ভাৰতীয় ৰে'লৱেৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ উদ্দেশ্য হৈছে জনসাধাৰণক দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু সুন্দৰ ঐতিহাসিক স্থান প্ৰদৰ্শন কৰোওৱা। ইষ্টাৰ্ণ ৰে'লৱেৰ জেনেৰেল মেনেজাৰ গৰাকীয়ে আকৌ কয়, ইষ্টাৰ্ণ ৰে'লৱেই ব্যক্তিগত অপাৰেটৰসকলক সহযোগিতা প্ৰদান কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। পূব ৰে'লৱেই পথ আৰু স্থানসমূহৰ পৰিকল্পনা, ৰে'ল পৰিচালনা, ৰক্ষণাবেক্ষণ আৰু সময়ানুৱৰ্তীতাৰ বাবে সমৰ্থন আগবঢ়াব। তেওঁ কয় যে সেৱা প্ৰদানকাৰীসকলক পৰ্যটকসকলৰ বাবে পেকেজ আগবঢ়োৱাৰ অনুমতি দিয়া হ'ব। এই পেকেজৰ ভিতৰত থাকিব ৰে'লত ভ্ৰমণ কৰা, থকা আৰু পৰ্যটনস্থলীভ্ৰমণ কৰা।

অৰোৰাই কয়, পৰ্যটন অপাৰেটৰে তেওঁলোকৰ পৰা নতুন ডবাও কিনিব পাৰিব। তেওঁলোকে ক্ৰয় কৰা ডবাত ৰেলৰ নক্সা আৰু আভ্যন্তৰীণ সাজ-সজ্জাৰ অনুমতি ৰেলৰ নিয়ম অনুসৰি প্ৰদান কৰা হ'ব। ৰে'লৰ ভিতৰত আৰু বাহিৰত বিজ্ঞাপনৰ অনুমতিও দিয়া হ'ব।

আনহাতে ইষ্টাৰ্ণ ৰে'লৱেৰ আন এজন বিষয়াই কয় যে, পৰ্যটক ভিত্তিক বিষয়বস্তুৰ বাবে ৰে'ল মন্ত্ৰী অশ্বিন বৈষ্ণৱে ঘোষণা কৰা 'ভাৰত গৌৰৱ' নীতিৰ অধীনত, পেছাদাৰী ট্যুৰ অপাৰেটৰসকলে পৰ্যটক ৰে'ল চলাবলৈ সুযোগ পাব য'ত তেওঁলোকে এটা এচি, ২ টা এচি, ৩ টা এচি, স্লিপাৰ আৰু চেয়াৰ কাৰকে ধৰি ১৪ ৰ পৰা ২০ টা ডবা যুক্ত ৰে'ল লীজত ল'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in