গুৱাহাটীৰ চিটি বাছৰ ভিতৰৰ দৰে কাণ্ড আমেৰিকাৰ বিমানত!

গুৱাহাটীৰ চিটি বাছৰ ভিতৰৰ দৰে কাণ্ড আমেৰিকাৰ বিমানত!

ডিজিটেল ডেস্কঃ মহানগৰীৰ চিটি বাছত উঠা যুৱতীয়ে প্ৰায়ে এনে বেয়া অভিজ্ঞতাৰ সন্মুখীন হয়। হেচা-ঠেলাৰ গইনা লৈ যুৱতীক অশ্লীল ব্যৱহাৰ কৰে। পিছে এইবাৰ এনে কাণ্ড সংঘটিত হ'ল আমেৰিকাত।

বিমানৰ সহযাত্ৰীক যৌন নিৰ্যাতন চলাই দেশৰ নাক-কাণ কাটিলে এজন ভাৰতীয়ই। নাম তেওঁৰ প্ৰভূ ৰামামূৰ্তি। ৩৫ বছৰীয়া যুৱকজনে বিমান যাত্ৰাৰ সময়ত কাষত বহা এগৰাকী ২২ বছৰীয়া যুৱতীক নিদ্ৰামগ্ন অৱস্থাত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ল'ছ ভেগাছৰ পৰা বিমানেৰে যাত্ৰা কৰা সময়ত এই ঘটনা সংঘটিত হৈছে। এই যুৱকজনে আমেৰিকাৰ এটা আই টি কোম্পানীত মেনেজাৰ হিচাপে যোৱা দুবছৰ ধৰি কাম কৰি আছিল।

বিমানখনত যাত্ৰা কৰা সময়ত যুৱকজনৰ সৈতে তেওঁৰ পত্নীও আছিল। পত্নী বহি আছিল পিছৰ আসনত। যুৱতীগৰাকীয়ে এই সন্দৰ্ভত বিমান কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু যুৱতীগৰাকীয়ে কৰা অভিযোগ সঁচা বুলি আদালতত প্ৰমাণিত হৈছিল।

বিমান যাত্ৰাৰ সময়ত যুৱতীগৰাকীৰ টোপনিৰ সুবিধা লৈ যুৱকজনে যুৱতীগৰাকীৰ কাপোৰ-কানি খোলাৰ লগতে তেওঁৰ গাত হাত দি বিভিন্ন ধৰণে অপদস্থ কৰিছিল। কি হৈছিল তেওঁৰ লগত, আদালতত এই বাখ্যা যুৱতীগৰাকীয়ে বৰ সাহসেৰে দিছিল।

প্ৰথমে যুৱকজনে নিদ্ৰাৰত অৱস্থাত কি হৈছিল গম নাপাও বুলি কৈছিল যদিও, এফ বি আইৰ এজেণ্টে জেৰা কৰাৰ সময়ত যুৱতীগৰাকীৰ গাত হাত দিয়া বুলি স্বীকাৰ কৰিছিল। আমেৰিকাৰ এখন আদালতে ইতিমধ্যে ৩৫বছৰীয়া যুৱকজনক দোষী সাব্যস্ত কৰিছে।

আমেৰিকাৰ সংবাদমাধ্যমতো এই বাতৰিয়ে বিশেষ স্থান পাইছে। দেশখনৰ এটৰ্নী মেথিউ স্নেইডাৰে এক বিবৃতিযোগে এনে ঘটনা আমেৰিকাই  কেতিয়াও সহ্য  নকৰে বুলি মন্তব্য কৰিছে। এই গোচৰত দোষী সাব্যস্ত হোৱা যুৱকজনে দুবছৰ আমেৰিকাত কাৰাবাস খাটিব লাগিব। তাৰ পাছত তেওঁ ভাৰতলৈ ঘূৰি অহাতো বাধ্যতামূলক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in