আন্তঃৰাষ্ট্ৰীয়

ভাৰতৰ স্বাধীনতা দিৱসত অংশ ল’লে চীনা সেনাই

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ ঘনে ঘনে সলনি হৈছে ভাৰত-চীন সীমান্তত দৃশ্যপট। দুদিনৰ আগলৈকে সীমান্তত দুই দেশৰ সেনাৰ মাজত সংঘাতৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল। ডোকলামত ভাৰত আৰু চীন সেনাৰ মাজত গতিয়াগতি পৰ্যন্ত হোৱাৰ ৪৮ ঘণ্টাৰ পাছতেই বিপৰীত এক দৃশ্য দেখা পোৱা গ'ল অৰুণাচলৰ অন্তৰ্গত ভাৰত-চীন সীমান্তত।

যোৱা ১৫আগষ্টৰ দিনা ভাৰতীয় সেনাই আয়োজন কৰা স্বাধীনতা দিৱসত দীৰ্ঘদিনৰ বিৰতিৰ অন্তত অংশ ল'লে চীনা সেনাই। ভাৰতীয় সেনাৰ আমন্ত্ৰণমৰ্মে চীনা সেনাই ভাৰতৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

অৰুণাচল প্ৰদেশৰ য়িংকিয়ং জিলাৰ গেলিং ৰাজহ চক্ৰই চুই আছে চীনৰ মেডং অঞ্চল৷ ১৯৬২ চনৰ চীনা যুদ্ধৰ পূৰ্বলৈকে এই দুই অঞ্চলৰ মাজত আছিল ব্যাপক বাণিজ্যিক সম্পৰ্ক৷ অৰুণাচলৰ বহু জনজাতীয় লোকে সেই সময়ৰ তীব্বতৰ লগত বেহা-বেপাৰ কৰিছিল৷ বিশেষকৈ নিমখ আৰু পৰম্পৰাগত বৌদ্ধ ধৰ্মীয় কাপোৰৰ বাবেই অৰুণাচলী লোকসকল গেলিং হৈ চীনলৈ গৈছিল৷ কিন্তু ১৯৬২ৰ চীনা যুদ্ধৰ পাছৰ পৰাই সেই বানিজ্যিক পথ বন্ধ হৈ পৰিছিল৷

চিয়াং নৈ, যাক আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ, সেই নদীৰ অববাহিকা অঞ্চল গেলিং আৰু মেডং৷ কিন্তু কালক্ৰমত এই দুই অঞ্চল বিচ্ছিন্ন হৈ গ'ল৷ বন্ধ হৈ পৰিছিল সীমান্ত পথ৷ তিক্ততাপূৰ্ণ হৈ পৰা ভাৰত চীন সম্পৰ্ক মাজতে কেইমাহমান পূৰ্বে চীনে অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰবেশ কৰি নিৰ্মাণ কৰিছিলহি এটা পথ৷

স্থানীয় অৰুণাচলী লোকৰ তৎপৰতাত চীনা সেনা গেলিঙৰ পৰা পলাই গৈছিল৷ ভাৰতীয় সেনায়ো পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চীনা সেনাৰ পৰা জব্দ কৰা এক্সেভেটৰ, তেলৰ টেংকি আদি চীনা প্ৰশাসনক ওভতাই দিছিল৷ তদুপৰি চীনা প্ৰশাসনে চিয়াং নদীৰ পাৰত চলাই অহা নিৰ্মাণ কাৰ্যৰ বাবে চিয়াঙৰ পানী ঘোলা হৈ পৰা বুলি ভাৰতে অভিযোগ কৰিছিল৷

এনে পৰিস্থিতিত সূদীৰ্ঘ বিৰতিৰ পাছত চীনা সেনাই ভাৰতৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে গেলিঙৰ ওচৰত নতুনকৈ নিৰ্মাণ কৰা এক সীমান্ত চকীত উপস্থিত হৈছিলহি৷ চীনৰ পি এল এৰ আঠজনীয়া দলটোক কৰ্ণেল চেন চাউ ফেং আৰু ভাৰতীয় সেনাৰ দলটোক কৰ্ণেল মনিশ শৰ্মাই নেতৃত্ব দিয়ে৷

ভাৰতীয় সেনাই চীনা সেনাক স্বাধীনতা দিৱস উপলক্ষে উপহাৰো প্ৰদান কৰে৷ চীনা সেনাৰ দলটোৱেও ভাৰতীয় সেনাক উপহাৰ দিয়ে৷ আনহাতে আনজাও জিলাৰ কিবিথ'তো ভাৰতীয় সেনাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চীনা সেনাৰ আন বৃহৎ দল এটাই অংশগ্ৰহণ কৰে৷