অনিশ্চিত সুৰক্ষাৰ বাবে ক্ৰিকেট বিশ্বই একাষৰীয়া কৰিছে পাকিস্তানকঃ ইমৰান খানে জগৰীয়া কৰিছে ভাৰতক..

অনিশ্চিত সুৰক্ষাৰ বাবে ক্ৰিকেট বিশ্বই একাষৰীয়া কৰিছে পাকিস্তানকঃ ইমৰান খানে জগৰীয়া কৰিছে ভাৰতক..

ডিজিটে ডেস্কঃ বিশ্ব ক্ৰিকেটক নিয়ন্ত্ৰণ কৰিছে ভাৰতে। এই দাবী উত্থাপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে। ইমৰান খানৰ মতে আই চি চি এতিয়া বি চি চি আইৰ অধীনত। ক্ৰিকেটত এতিয়া ধনহে আটাইতকৈ ডাঙৰ খেলুৱৈ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ডে দেশখনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰি হতাশাত ভোগিছে। তাৰেই যেন প্ৰতিফলিত হৈছে ইমৰান খানৰ লগতে একাংশ প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ লগতে পাকিস্তানী ক্ৰিকেট প্ৰশাসকৰ কথাত। সুৰক্ষাজনিত কাৰণত পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থকা দেশসমূহে পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হ'বলগীয়া দ্বিপাক্ষিক প্ৰতযোগিতা বাতিল কৰি পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইদৰে ক্ৰিকেট বিশ্বই পাকিস্তানক প্ৰায় এঘৰীয়া কৰাৰ সময়তে পাকিস্তানৰ ক্ৰিকেট প্ৰশাসকৰ লগতে প্ৰধানমন্ত্ৰী ইমৰান খানেও হতাশাত ভোগি এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক ইয়াৰ বাবে জগৰীয়া কৰিছে। তেওঁলোকে চহকী বি চি চি আইৰ প্ৰভাৱৰ বাবেই অন্যান্য দেশেও পাকিস্তানক এৰি চলিছে বুলি প্ৰকাশ কৰিছে।

শেহতীয়াকৈ নিউজিলেণ্ড আৰু ইংলেণ্ড দলে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ইমাৰন খানে কৈছে যে, নিউজিলেণ্ড আৰু ইংলেণ্ড দলে পাকিস্তান ভ্ৰমণ কৰি বি চি চি আইৰ ৰোষৰ বলী হবলৈ বিচৰা নাই। সেয়ে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লৈছে। এই সকলোবোৰ ভাৰতে নিয়ন্ত্ৰণ কৰি আছে।

ইয়াৰোপৰি ইমৰানে কয় যে ইংলেণ্ডৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলটোৱে পাকিস্তান ভ্ৰমণ নকৰি নিজকেহে অপমানিত কৰিছে। মিডল ইষ্ট আইক দিয়া এক সাক্ষাৎকাৰত ইমৰানে কয়, "ধন এতিয়া খেলুৱৈ আৰু ক্ৰিকেট ব'ৰ্ডৰ বাবে এক ডাঙৰ খেলুৱৈ হৈ পৰিছে। ভাৰতৰ ওচৰত ধন আছে সেয়েহে ই বৰ্তমান বিশ্ব ক্ৰিকেট নিয়ন্ত্ৰণ কৰি আছে।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in