পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ইমৰাণ খান, ১১ আগষ্টত ল’ব শপত

পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী  ইমৰাণ খান, ১১ আগষ্টত ল’ব শপত

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে ১১ আগষ্টত শপত লব ইমৰাণ খানে।সংবাদ মাধ্যমক সদৰী কৰা মতে চৰকাৰ গঠনৰ বাবে তেওঁৰ দল পাকিস্তান তেহৰিক-ঈ-ইনছাফ চমুকৈ পিটিআই সাজু হৈছে।

৬৫ বছৰীয়া  প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ নেতৃত্বাধীন দলটোৱে অলপতে অনুষ্ঠিত হৈ যোৱা নেশ্যনেল এছেম্বলী নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দল আছিল যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা আসন লাভ কৰা নাছিল। পাকিস্তানৰ আন সৰু সৰু ৰাজনৈতিক দল তথা নিৰ্দলীয় সাংসদৰ সমৰ্থনতে চৰকাৰ গঠন কৰিব বুলি ইমৰাণ খানে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে ১৪ আগষ্টতহে ইমৰাণ খানে পাক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি শপত গ্ৰহণ কৰিব বুলি দলটোৰ এজন মুখপাত্ৰই সদৰী কৰিছিল। ২৫ জুলাইত ঘোষিত নিৰ্বাচনৰ ফলাফলত পিটিআইয়ে ১১৬ খন আসন লাভ কৰিছিল। চৰকাৰ গঠনৰ বাবে দলটোক আৰু প্ৰয়োজন ২২ খন আসনৰ।

উল্লেখযোগ্য পাকিস্তান নেশ্যনেল এছেম্বলীত মুঠ আসনৰ সংখ্যা হৈছে ৩৪২খন। ইয়াৰে ২৭২ গৰাকীক নিৰ্বাচনৰ দ্বাৰা প্ৰত্যক্ষভাৱে নেশ্যলেন এছেম্বলীলৈ নিৰ্বাচিত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in