অর্থনীতি

মৰাপাটৰ মন্দা বজাৰঃ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হাটশিঙিমাৰীৰ কৃষক…

asomiyapratidin

ডিজিটেল সংবাদ হাটশিঙিমাৰীঃ মৰাপাটৰ খেতিৰ বাবে বিখ্যাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা। জিলাখনত এইবেলি ২,১৭৫ হেক্টৰ ভূমিত তিনি সহস্ৰাধিক কৃষকে মৰাপাটৰ খেতি কৰিছিল। পথাৰত এইবেলি যথেষ্ট পৰিমানে ফচল ভাল হোৱাত প্ৰথম অৱস্থাত জিলাখনত মৰাপাটৰ বজাৰ ঠিকেই আছিল। মোন প্ৰতি কৃষক সকলে প্ৰায় ৩,২০০ টকা দাম লাভ কৰিছিল পাইকাৰী ব্যৱসায়ী সকলৰ পৰা । কিন্তু লাহে লাহে বজাৰ মন্দা হৈ পৰাত বৰ্তমানে মৰাপাটৰ দাম ২,২০০ টকালৈ হ্ৰাস পাইছে। ফলত সাধাৰণ কৃষকৰ ওপৰত যথেষ্ট পৰিমানে প্ৰভাব পৰা পৰিলক্ষিত হৈছে।

জিলা কৃষি বিভাগৰ ফালৰ পৰা কৃষক সকলক বিনামুলীয়াকৈ বীজ বিতৰণ কৰাৰ পাছত কৃষক সকলে এইবেলি মৰাপাটৰ খেতি কৰাত যথেষ্ট ভাল ফলাফল পাইছে কৃষক সকলে। কিন্তু বজাৰত উপযুক্ত মূল্য নথকাৰ ফলত মূৰৰ ঘাম-মাটিত পেলাই খেতি কৰা কৃষকে উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ লোকচানৰ সম্মুখীন হবলগীয়া হৈছে।

জিলাখনৰ একমাত্ৰ মৰাপাটৰ বজাৰ হৈছে জিলাৰ সদৰত থকা হাটশিঙিমাৰী সপ্তাহিক বজাৰ। প্ৰতি দেওবাৰে এই বজাৰখনত কৃষক সকলে পথাৰত উৎপাদিত মৰাপাট আনি খুচৰা বজাৰত বিক্ৰী কৰে। একাংশ পাইকাৰী দূৰ-দূৰনিৰ পৰা আহি এই মৰাপাট সমূহ ক্ৰয় কৰি নদী পথত যন্ত্ৰ চালিত ভূটভূটি নাও দি ধুবুৰী জিলাৰ গৌৰীপুৰলৈ নিয়া হয় মৰাপাট। গৌৰীপুৰৰ পৰা দাম নিৰ্ধাৰণ কৰি দিয়া মূখ্য পাইকাৰ সকলে খুচৰা পাইকাৰীৰ পৰা মৰাপাট ক্ৰয় কৰি চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গলৈ প্ৰেৰণ কৰে।

মৰাপাটৰ ব্যৱসায়ত পাইকাৰ সকলে যথেষ্ট পৰিমানে লাভাম্বিত হলেও মন্দা মাৰ্কেটৰ বাবে কৃষক সকলে উপযুক্ত মূল্যৰ পৰা বঞ্চিত হবলগীয়া হয়। কৃষক সকলে লোকচানৰ সম্মুখীন হলেও উপায়হীন কৃষকে প্ৰতিবছৰে মৰাপাটৰ খেতি কৰি আহিছে জিলাখনত। জিলা কৃষি বিভাগৰ ফালৰ পৰাও যথেষ্ট সহায় পাই আহিছে কৃষক সকলে।