সামাজিক মাধ্যমক সৎ ব্যৱহাৰ কৰিবলৈ নবপ্ৰজন্মলৈ অনুৰোধ দিপলীনা ডেকাৰ

সামাজিক মাধ্যমক সৎ ব্যৱহাৰ কৰিবলৈ নবপ্ৰজন্মলৈ অনুৰোধ দিপলীনা ডেকাৰ

ডিজিটেল সংবাদ গহপুৰঃ বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই ছাত্র-ছাত্ৰীৰ জীৱন আলোকিত কৰি অহা গহপুৰ নগৰৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান "জ্ঞান ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল"ৰ নবাগত আদৰণী সভাখন বৃহস্পতিবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়।আধুনিক আৰু প্ৰযুক্তিগত শিক্ষা ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ সুস্থ বিদ্যায়তনিক পৰিবেশেৰে গঢ় লৈ উঠা স্কুলখনৰ নবাগত আদৰণী সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ইঞ্জিনীয়াৰিঙ ডিগ্ৰীধাৰী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী,অভিনেত্ৰী দিপলীনা ডেকাই।

শিক্ষক মানস জ্যোতি চলিহাই আঁত ধৰা অনুষ্ঠানটোত চমু ভাষণ প্ৰদান কৰি দিপলীনা ডেকাই কয় যে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে মন আৰু হৃদয়ৰ পৰা শিক্ষা লৈ কেনেদৰে এগৰাকী সৎ মানুহ হ'ব পাৰি তাৰ ওপৰত প্ৰতিগৰাকী ছাত্র-ছাত্ৰীয়ে আন্তৰিকতাৰে মনোনিবেশ কৰিব লাগে।কেবল পুথিগত শিক্ষাৰ মাজতেই আবদ্ধ হৈ নাথাকি নৈতিকতাৰ শিক্ষাৰ ওপৰতো ছাত্র-ছাত্ৰী সকলে উপযুক্ত পাঠ গ্ৰহণ কৰিলে প্ৰতিগৰাকী ছাত্র-ছাত্ৰী সঁচা অৰ্থত "মানুহ" হৈ নিজকে সু-প্ৰতিষ্ঠা কৰিব পাৰিব বুলি দিপলীনা ডেকাই ভাষণত উল্লেখ কৰি সামাজিক মাধ্যমৰ উচিত ব্যৱহাৰৰ সম্পৰ্কতো তেওঁ বাখ্যা আগবঢ়াই।এইক্ষেত্ৰত তেওঁ কয় যে আজিকালি সামাজিক মাধ্যমৰ যথেষ্ট সমাদৰ বাঢ়িছে যদিও একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান নেতিবাচক কাম কৰিবলৈ লৈছে।সামাজিক মাধ্যমৰ জৰিয়তে শিকিবলগীয়া বহু কথা আছে।

দিপলীনা ডেকাই কয় যে, একাংশ লোকে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকত কিছুমান ফেক একাউণ্ট খুলি সমাজত বিষবাস্প বিয়পাই আহিছে।কিছুমানে আকৌ "ট্ৰল" কৰি বহু মানুহক সমাজত হেয় কৰিবলৈ সামাজিক মাধ্যমক অপব্যৱহাৰ কৰি আহিছে।ভাষণত তেওঁ উপস্থিত ছাত্র-ছাত্ৰী সকলক উদ্দেশ্য কৰি কয় যে সামাজিক মাধ্যমৰ জৰিয়তে সমাজত এটা সুস্থ পৰিবেশ প্ৰতিষ্ঠা কৰিবলৈ আজিৰ নবপ্ৰজন্মই গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব লাগিব।ভাষণৰ পিছত তেওঁ কেইবাটাও জনপ্ৰিয় গীত পৰিবেশন কৰি উপস্থিত সকলোকে আহ্লাদিত কৰে।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী নোমল বৰুৱাই।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত,মিনতি গোস্বামী, ভাৰতী চলিহা,তৃপ্তি ৰাজখোৱা, দিপ্তী ৰাজখোৱা, বৰ্ণালী কটকী ওজা,গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰি শিক্ষয়িত্ৰী সুমিত্ৰা গোস্বামীয়ে কয় যে জ্ঞান ভাৰতী পাব্লিক স্কুলৰ পৰা ছিনিয়ৰ চেকেণ্ডৰী স্কুললৈ উন্নীত হোৱা বিদ্যালয়খনৰ প্ৰতি বৃহত্তৰ গহপুৰ মহকুমাবাসী ৰাইজে দেখুওৱা আদৰ-মৰম সঁচাকৈয়ে উল্লেখযোগ্য।প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক প্ৰকৃত মানৱ-সম্পদ হিচাপে গঢ় দিয়াৰ বাবে বিদ্যালয় খনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী বদ্ধপৰিকৰ বুলি তেওঁ তেওঁৰ উদ্ধোধনী ভাষণত উল্লেখ কৰে।

বিদ্যালয়খনৰ অধ্যক্ষা জিলমিল বৰা তামুলীয়ে আদৰণী ভাষণ প্ৰদান কৰি কয় যে ৰাইজৰ আদৰ-মৰম আৰু উৎসাহৰ বাবে এই শিক্ষানুষ্ঠানখনে এক নতুন গতি লবলৈ সক্ষম হৈছে।দিলীপ কুমাৰ বৰা ফাউণ্ডেছনৰ পি আৰ অ' সৌবিৰ প্ৰাণ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত স্থানীয় বিধায়ক উৎপল বৰাই শিক্ষানুষ্ঠানখনৰ " Gyan Bharati Center Of Excellence" নামৰ এটা কেন্দ্ৰৰ মুকলি কৰে।উক্ত কেন্দ্ৰৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে এপিএছচি, ইউপিএছচি, ইঞ্জিনীয়াৰিঙ, মেডিকেল আদি পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব।প্ৰথম পৰ্য্যায়ত অষ্টম শ্ৰেণীৰ পৰা এই প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে যদিও পিছলৈ ষষ্ঠ শ্ৰেণীৰ পৰা এই প্ৰশিক্ষণ দিয়া হ'ব বুলি অধ্যক্ষা জিলমিল বৰা তামুলীয়ে জানিবলৈ দিছে।

দিনযোৰা কাৰ্য্যসূচীৰে সম্পন্ন হোৱা উক্ত অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন কৰি নিজৰ নিজৰ প্ৰতিভা ফুটাই তোলে।গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়া আৰু সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ভূঞাই উক্ত সাংস্কৃতিক কাৰ্য্যসূচী সমূহ উপভোগ কৰি কয় যে জ্ঞান ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলে ছাত্র-ছাত্ৰী সকলক কেৱল পাঠ্যক্ৰমৰ পাঠৰ ওপৰতে সীমাবদ্ধ নাৰাখি অসমৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি সমূহৰ তাৎপৰ্য আৰু সঠিক মূল্যাংকন কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি ইয়াৰ বাবে ছাত্র-ছাত্ৰী সকলক আকৰ্ষিত কৰি আহিছে।অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গহপুৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া নমিতা বৰাই মানৱ সম্পদ গঢ়াৰ কমাৰশাল স্বৰূপ জ্ঞান ভাৰতী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। অনুষ্ঠানটোৰ শেষত জ্ঞান ভাৰতী পাব্লিক স্কুলৰ হৈ সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰাংগ তামুলীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in