অসম

কোচ ৰাজবংশী সন্মিলনীৰ ৰে’ল অৱৰোধক লৈ উত্তপ্ত গোসাইগাঁও

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত চৌতাৰাত ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ সময়ত লংকাকাণ্ড সংঘটিত হয়। আক্ৰাছু , কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সহযোগত পুৱা ৬:০০ বজাৰ পৰা চৌতাৰা ৰেল ষ্টেচনৰ ৰেলপথত কোচ ৰাজবংশী সম্প্ৰদায়ৰ কেবা শতাধিক পিকেটিংকাৰীয়ে হাতে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ ৰে'লপথত বহি পৰাত ৰে'ল যাতায়ত স্তব্ধ হৈ পৰে।

নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ ৰাজবংশী জনগোষ্ঠীৰ শ শ  পিকেটিংকাৰীয়ে ৰে'লপথত অৱস্থান গ্ৰহণ কৰি বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ গো বেগ, অসম চৰকাৰ হায় হায়, কোচ ৰাজবংশী জনগোষ্ঠীক লৈ ৰাজনীতি বন্ধ কৰক, আমাৰ দাবী পূৰণ কৰিবই লাগিব, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, কেন্দ্ৰীয় চৰকাৰ মূর্দাবাদ আদি ইত্যাদি শ্লোগানেৰে চৌতাৰাৰ আকাশ বতাহ কঁপাই তোলে। শ শ অৱৰোধকাৰী  ৰে'ল পথত অৱস্থান গ্ৰহণ কৰাত পুৱাৰ ভাগত চলাচল কৰা কেবাখনো উজনি-নামনি যাত্ৰীবাহী ৰে'লৰ যাতায়ত বন্ধ হৈ পৰে।

এনেদৰেই কিছুসময় অতিক্ৰম কৰাৰ পিছত প্ৰশাসনে কোচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছু নেৰ্তৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয় আৰু ৰে'লপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত নেতৃবৰ্গ সন্মত হয়। পুৱা ১১:৩০ বজাত ৰে'লপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ হয় যদিও একাংশ পিকেটিংকাৰী ৰে'লপথতে অৱস্থান গ্ৰহণ কৰি থকাত আৰক্ষীৰে খণ্ডযুদ্ধ লাগে।

ৰে'লপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰৰ পিছত আৰক্ষীয়ে ৰে'লপথ মুকলি কৰি দিবলৈ পিকেটিংকাৰীসকলক আহ্বান জনায় যদিও পিকেটিংকাৰীসকলে আকোঁৰগোজ স্থিতি গ্ৰহণ কৰে। ফলত নিৰাপত্তাৰক্ষীয়ে পিকেটিংকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচাৰ্জ কৰে। নিৰাপত্তাৰক্ষীয়ে লাঠীচাৰ্জ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু পিকেটিংকাৰীসকলে উত্তেজিত হৈ নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। পিকেটিংকাৰীয়ে নিক্ষেপ কৰা শিলগুটিৰ আঘাতত তিনিজন নিৰাপত্তাৰক্ষী আহত হোৱাৰ লগতে ছয়-সাতখন গাড়ীৰ ক্ষতিসাধন হয়।

তদুপৰি পিকেটিংকাৰীৰ শিলাবৰ্ষণত বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান এটাৰ ডিএছএনজি ভেন এখনৰো ক্ষতিসাধন হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ৰাবাৰ বুলেট আৰু কন্দুৱা গেছ প্ৰয়োগ কৰে। নিৰাপত্তাৰক্ষীৰ লাঠীচালনা, ৰাবাৰ বুলেট আৰু টিয়েৰ চেল্ নিক্ষেপৰ পৰিণতিত কেবাগৰাকী পিকেটিংকাৰী গুৰুতৰভাৱে আহত হয়।

এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক আৰু কাৰ্যবাহী দণ্ডাধীশে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮ গৰাকীকৈ পিকেটিংকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে  সদৰী কৰিছে। আজি সন্ধিয়া ৭:৩০ বজাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত চৌতাৰাত ৰে'লপথ অৱৰোধ কাৰ্যসূচী প্ৰথম অৱস্থাত শান্তিপূৰ্ণভাৱে চলি আছিল।

সংগঠনৰ নেৰ্তৃবৰ্গৰ সৈতে হোৱা আলোচনা মৰ্মে ৰে'লপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তও লোৱা হৈছিল আৰু সেইমৰ্মে ৯০ শতাংশ পিকেটিংকাৰী ৰে'লপথ মুকলি কৰি দিছিল কিন্তু ১০০/১৫০ জনমান দুৰ্ষ্কৃতিকাৰীয়ে শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যৰে নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষণ কৰাত আৰক্ষী বাহিনীৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত কন্দুৱা গেছ, ৰবৰৰ গুলী আৰু মৃদু লাঠিচালনা কৰিবলৈ বাধ্য হোৱা বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিছে।

পিকেটিংকাৰীৰ দলে নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষন কৰাত এজন চি আই এছ এফ, এজন চি আৰ পিএফৰ জোৱানকে ধৰি ৫জন আহত হোৱাৰ লগতে সংবাদমাধ্যমৰ ডিএছএনজি ভেনসহ আৰক্ষীৰ সাতখনকৈ বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে৷