Published on:
Updated on:
- অব্যাহত আছে "বেলকনিত ভগৱান"ৰ সমাদৰ।
- বিভিন্ন ঠাইত সমাদৰ লাভ কৰা কথাছবিখনলৈ পুনৰ আহিছে ভাল খবৰ।
- এইবাৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ নিৰ্বাচিত হৈছে "বেলকনিত ভগৱান"।
- বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত এই "বেলকনিত ভগৱান" শীৰ্ষক কথাছবিখন।
- "বেলকনিত ভগৱান"ৰ প্ৰযোজনা সাহিত্যিক নুৰুল চুলতান।
- ইতিমধ্যে ভাৰতৰ কইবাখনো ঠাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে "বেলকনিত ভগৱান"।
- 'বেলকনিত ভগৱান" নিৰ্বাচিত হৈছে চীনৰ চাংহাই মহোৎসৱলৈয়ো।
- জাৰ্মানীৰ ১৮ সংখ্যক ইণ্ডিয়ান ছবি মহোৎসৱত কথাছবিখনে লাভ কৰিছে বিশেষ সমাদৰ।
- অষ্ট্ৰেলিয়ালৈও আমন্ত্ৰিত হৈছে কথাছবিখন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in