ভাল নহ’ল ভোগালী বিহুঃ জিএমচিৰ ৰিচিপ থকাৰ পাছতো বন্ধ কৰিলে দোকান, লৈ গ’ল ছাগলী!

ভাল নহ’ল ভোগালী বিহুঃ  জিএমচিৰ ৰিচিপ থকাৰ পাছতো বন্ধ কৰিলে দোকান, লৈ গ’ল ছাগলী!

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ৰাজ্যত ভোগালী বিহুক লৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। যোৱা দুটা বছৰ কোৰোনাৰ বাবে যি ধৰণে বিভিন্ন লোকে হাৰাশাস্তি, সমস্যা আদিৰ সন্মুখীন হ'ব লগা হ'ল, তাৰ পাছত নতুন বৰ্ষটোত মাঘ বিহুক লৈ সকলোৰে এতিয়া আনন্দ আৰু উচাহ দেখিবলৈ পোৱা গৈছে।

কোৰোনা কালত নিজৰ ব্যৱসায়, কৰ্মসংস্থাপন আদি হেৰুৱাবলগীয়া হোৱা লোকসকলে এইবাৰ ভোগালীৰ প্ৰাকক্ষণত পুনৰ নিজৰ নিজৰ কাৰ্যালয়, ব্যৱসায়লৈ ঘূৰিছে। বিশেষকৈ পদপথত দোকান খুলি কেইটামান টকা উপাৰ্জন কৰি পৰিয়ালটোক পোহপাল দিয়া সকলে ভোগালী বিহুত শাক-পাচলি, মাংস আদি বিক্ৰী কৰি ভাল উপাৰ্জন কৰাৰ এটা আশা লৈ খুলিছে নিজৰ দোকানখন।

তাৰ মাজতে গুৱাহাটী মহানগৰীত এক অন্য দৃশ্য দেখিবলৈ পোৱা গৈছে।  প্ৰায়ে দেখা যায় যে পদপথত সৰু দোকান দি ব্যৱসায় কৰা সকলক জিএমচিয়ে তাৰ পৰা আঁতৰাই দিয়ে। বিভিন্ন সময়ত সৰু টেবুলখনৰ ওপৰত বিক্ৰী কৰিবলৈ ৰখা সামগ্ৰীখিনিও দলিয়াই দিয়ে। বাৰু সেয়া জিএমচিৰ পৰা কোনো অনুজ্ঞাপত্ৰ অবিহনে পদপথত দোকান দিয়াৰ বাবেই কৰা বুলি সকলোৱে জানে বা বুজি পায়।

কিন্তু জিএমচিৰ ৰচিদ পোৱাৰ পাছতো মহানগৰীত পদপথত ছাগলী মাংস বিক্ৰী কৰি চলা এজন বেপাৰীৰ বাবে যেন সুখকৰ নহয় ভোগালী বিহু। লাষ্টগেটৰ পৰা বেলতলা অভিমুখী ৰাজপথৰ অজন্তা পথৰ সমীপত এখন সৰুকৈ ছাগলী মাংসৰ দোকান দি পৰিয়াল পোহ পাল দিয়া ব্যৱসায়ীৰ দোকানৰ পৰা লৈ যোৱা হৈছে ছাগলী।

ব্যৱসায়ীজনে অভিযোগ কৰা অনুসৰি, যোৱা এমাহৰ ভিতৰত প্ৰায় তিনিবাৰকৈ জিএমচিৰ লোক আৰু আৰক্ষীয়ে আহি তেওঁৰ দোকানখন বন্ধ কৰি দিছে আৰু লৈ গৈছে ছাগলী। জিএমচিৰ পৰা ছাগলী আনি বিক্ৰী কৰি থকা এই ব্যৱসায়ীজনৰ আছে জিএমচিৰ ৰচিদ। কিন্তু তাৰপাছতো তেওঁৰ দোকানখন বন্ধ কৰি তেওঁৰ বিক্ৰী কৰিবলৈ অনা ছাগলী কেইটা লৈ যোৱা হৈছে। বুধবাৰৰ দিনটোতে তেওঁৰ দোকানৰ পৰা জিএমচিৰ লোকে লৈ গৈছে তিনিটাকৈ ছাগলী।

মহানগৰীৰ বিভিন্ন প্ৰান্তত পদপথত দোকান দিয়া লোকসকলৰ দোকান উচ্ছেদ কৰে গুৱাহাটী পৌৰ নিগমে। কিন্তু জিএমচিৰ ৰচিদ থকাৰ পাছতো কিয় তেনেকুৱা হৈছে বা এনে অভিযোগনো কিয় মাংস বেপাৰীজনে উত্থাপন  কৰিবলগীয়া হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in