আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফলাফল

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফলাফল

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচনৰ ফলাফল। নিৰ্ধাৰণ হ'ব মুঠ ২৯ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য।উল্লেখ্য যে, সোমবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হৈছিল স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন। বহুদিনীয়া প্ৰস্তুতিৰ অন্তত নিৰ্বাচনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছিল বিশ্ববিদ্যালয়খনত।

ইতিমধ্যে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদত। ১৫টাকৈ বিভাগত হ'বলগীয়া নিৰ্বাচনৰ বাবে সভাপতি পদত ২ গৰাকী প্ৰাৰ্থী, উপ-সভাপতি পদত ২গৰাকী প্ৰাৰ্থী, সাধাৰণ সম্পাদক পদত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে সহকাৰী সম্পাদক পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে দুগৰাকী প্ৰাৰ্থীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in