আন্তঃৰাষ্ট্ৰীয়

চীনা সেনাৰ প্ৰতিষ্ঠা সমাৰোহত ভাৰতীয় সেনাৰ যোগদান

asomiyapratidin

ডিজিটেল ডেস্কঃ ডোকলাম বিবাদক লৈ চৰ্চা হৈ থকাৰ সময়তে বুধবাৰে চীনৰ পিপ'লছ লিবাৰেচন আৰ্মী চমুকৈ পি এল এ ৰ প্ৰতিষ্ঠা দিৱসত অংশ ললে ভাৰতীয় সেনাই।

চিকিমৰ নাথুলাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চীনা সেনাই ভাৰতীয় সেনাৰ প্ৰতিনিধি সকলক উষ্ম আদৰনি জনায় । এই অনুষ্ঠানতে দুয়োপক্ষৰ সৌহাদ্যৰ্পূণ আলোচনাৰ লগতে দুয়োখন দেশৰ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়।

ৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে দুয়োখন দেশৰ সেনাৰ এনে মিলনে সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ'ব ।