ক্রীড়া-জগত

লামডিঙত সদৌ ভাৰত ফুটবল প্ৰতিযোগিতা, বিজয়ী এএছইবি

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোৱাৰ দৰে অসমত সৃষ্টি হোৱা নাই গৃহযুদ্ধ। অসমত এতিয়া শান্তিৰ পৰিৱেশে বিৰাজ কৰি আছে। NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশক লৈ সহনশীলতাৰ নিদৰ্শন দেখুৱাইছে অসমবাসীয়ে।

এতিয়া লামডিঙত বিৰাজ কৰিছে খেলৰ পৰিৱেশ। লামডিঙত অনুষ্ঠিত হৈছিল সদৌ ভাৰত ভিত্তিত ফুটবল প্ৰতিযোগিতা।মুঠ ১২টা দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত।

চূড়ান্ত খেলখন গুৱাহাটী এএছইবি আৰু মণিপুৰৰ মাজত অনুষ্ঠিত হৈছিল। উত্তেজনাময় এই খেলখনত গুৱাহাটী এছইবিয়ে মণিপুৰক ২-১ গ'লত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।