আন্তঃৰাষ্ট্ৰীয়

সলনি হ’ব ‘ফেচবুক’ৰ নাম !

asomiyapratidin

ডিজিটেল ডেস্কঃ সলনি হ'ব জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ নাম। সকলো ঠিকেই থাকিলে আগন্তুক সপ্তাহতে নাম সলনি হ'ব ফেচবুকৰ। ফেচবুকৰ চি ই অ' মাৰ্ক জুকাৰবাৰ্গে ২৮ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সন্মিলনত এই বিষয়ে সবিশেষ প্ৰকাশ কৰিব।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰাকাশিত এই খবৰ কিমান সত্য সেয়া অৱশ্যে এতিয়াই জানিব পৰা নাই। এই বাতৰি উৰাবাতৰি নে অনুমানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে সেই বিষয়ে এতিয়ালৈকে ফেচবুক কৰ্তৃক্ষই মন্তব্য কৰা নাই।

আনহাতে ফেচবুকে মঙলবাৰে ইউৰোপীয় ইউনিয়নত আগন্তুক ৫ বছৰত ১০,০০০ চাকৰি সৃষ্টি কৰাৰ পৰিকল্পনাও ঘোষণা কৰিছে।