নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক…

নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক…
  • নগাঁৱত পুনৰ চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ।
  • চোৰাঙকৈ গৰু কঢ়িয়াই নি থকা অৱস্থাত গাড়ীখন জব্দ কৰে আৰক্ষীয়ে।
  • উৰিয়াগাঁও-ডিমৌ বাইপাচত জব্দ কৰা হৈছে গাড়ী খন।
  • নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গৰুসহ জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে এ এছ ০১ চি চি ৮২৬০।
  • গাড়ীখনৰ লগতে এজন লোকক আটক কৰিছে আৰক্ষীয়ে।
  • আটকাধীন লোকজন গাড়ীখনৰ চালক।
  • ২২ টা চোৰাং গৰু ভৰ্ত্তি ট্ৰাকখন শিৱসাগৰৰ পৰা আহিছিল।
  • শিবসাগৰৰ পৰা মেঘালয়লৈ গৈ আছিল গাড়ীখন।
  • নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গাড়ীখন জব্দ কৰি বেবেজীয়া আৰক্ষীক গতাই দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in