অসম

কোভিড বিৰোধী যুঁজ

asomiyapratidin

কোভিড ভাইৰাছৰ নতুন প্ৰজাতি অমিক্ৰন সংক্ৰমণক লৈ বিশ্ববাসী পুনৰ সন্ত্ৰস্ত হৈ পৰাৰ সময়তে আমাৰ প্রধানমন্ত্ৰীয়ে পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সৰ কিশোৰ কিশোৰীক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে যদিও চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলৰ মাজত শিশুৰ কোভিড ভেকচিনৰ কাৰ্যকাৰিতাক লৈ থকা এনে ধৰণৰ দ্বিধাবোধ এতিয়াও আঁতৰ হোৱা নাই। দেশৰ আগশাৰীৰ সংবাদ পত্ৰত প্ৰকাশিত খবৰ অনুসৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ দৰে চিকিৎসা ক্ষেত্ৰৰ সৰ্ববৃহৎ সংস্থাৰ মতে আগশাৰীৰ কোভিড যোদ্ধা হিচাপে অভিহিত সকলক প্ৰতিষেধকৰ বুষ্টাৰ ড'জটোৱে সম্ভাব্য সংক্ৰমণৰ পৰা ৰক্ষা কৰিব যদিও শিশুসকলৰ ভেকচিনৰ কাৰ্যকাৰিতাৰ দিশটোৰ ওপৰত তেওঁলোকে এতিয়াও চূড়ান্ত মত দিব পৰা অৱস্থাত নাই।

সেইদৰে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ দৰে সংস্থায়ো কোভিড ভেকচিনৰ বুষ্টাৰ ড'জ আৰু শিশুসকলৰ বাবে তৈয়াৰী প্ৰতিষেধক দক্ষতা সম্পৰ্কে স্পষ্ট মতামত দিব পৰা নাই। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সূত্ৰই এই কথা প্ৰকাশ কৰিছে যে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত দেশত চিকিৎসা বিজ্ঞানৰ প্ৰামাণিক তথ্যৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনমান আগতে টেলিভিছনযোগে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ঘোষণাত কৈছিল যে অমিক্ৰনৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সৰ কিশোৰ কিশোৰীক প্ৰতিষেধক দিয়াৰ লগতে জটিল ৰোগত আক্ৰান্ত ৬০ৰো উৰ্ধৰ লোক আৰু কোভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰা সকলক বুষ্টাৰ ড'জ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।

নতুন বছৰৰ আৰম্ভণিতে সমগ্ৰ দেশজুৰি এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলিও প্রধানমন্ত্ৰীয়ে দেশবাসীক আশ্বস্ত কৰে। কোভিড মহামাৰীৰ নতুন প্ৰজাতিৰ সংক্ৰমণ তথা সম্ভাব্য তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীয়ে কাতৰ আহ্বানো জনাইছে। কিন্তু প্ৰশ্ন হৈছে – চৰকাৰ তথা প্ৰশাসনে এই কাম ক্ষিপ্ৰ গতিত সম্পন্ন কৰাৰ দিশত সক্ৰিয় নহ'লে সৰ্বসাধাৰণে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সাহস পাব ক'ৰ পৰা? বিগত সময়চোৱাত দেশৰ জনসাধাৰণে কোৰোনাৰ দুৰ্যোগৰ বহু জটিল সময় পাৰ কৰি আহিছে। ধাৰাবাহিক লকডাউন, ৰাজহুৱা চিকিৎসা সেৱাৰ চৰম অব্যৱস্থা, অপৰ্যাপ্ত সা সুবিধাৰ মাজতো দেশবাসীয়ে কোভিডৰ বিৰুদ্ধে মৰণপণ যুঁজ দিছে। এই যুঁজত দুখীয়া ৰাইজে জীয়াই থকাৰ শেষ সম্বলখিনিও হেৰুৱাইছে, লক্ষ লক্ষ লোকে কৰ্মসংস্থান হেৰুৱাইছে।উত্তৰ পশ্চিম ভাৰতৰ কেইবাখনো চহৰ নগৰত অক্সিজেনৰ অভাৱত বহু মানুহৰ মৃত্যু ঘটিছে। গংগা নদীত শাৰী শাৰীকৈ মৃতদেহ উটুৱাই দিয়াৰ মৰ্মান্তিক দৃশ্যবোৰে দেশবাসীক আজিও আতংকিত কৰি তোলে।

তাৰ মাজতে শাসক পক্ষই কেইবাটাও নিৰ্বাচন অনুষ্ঠিত কৰিছিল। বিশাল বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰি ৰাজনৈতিক নেতাসকলে জনসাধাৰণৰ কোভিড বিৰোধী যুঁজক এক চূড়ান্ত পৰিহাসত পৰিণত কৰিছিল। এইবাৰ কোভিডৰ তৃতীয়টো বা অমিক্ৰনৰ সংক্ৰমণক লৈও জনসাধাৰণ সজাগ আৰু সতৰ্ক হৈয়ে আছে। কিন্তু সেই সম্পৰ্কীয় বিভ্ৰান্তিকৰ খবৰবোৰৰ দ্বাৰাহে ৰাইজ অধিক আতংকিত হৈছে। দেশত পুনৰ লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও ৰাইজৰ মনত সংশয় হৈছে। এইবাৰ প্ৰধানমন্ত্ৰীয়ে যিদিনা কোভিডক লৈ দেশবাসীক সতৰ্ক হোৱাৰ আহ্বান জনাইছিল, তাৰ এদিন নে দুদিন আগতে উত্তৰ প্ৰদেশত এখন বিশাল জনসভাত তেওঁ নিজে অংশ লৈছিল। তাৰ আগে পিচেও উত্তৰ প্ৰদেশকে ধৰি পঞ্জাৱ, উত্তৰাখণ্ড আদি ৰাজ্যত আগত বিধানসভা নিৰ্বাচনকেন্দ্ৰিক সভাবোৰত শাসক বিৰোধী উভয় শিবিৰৰ ৰাজনৈতিক দলসমূহে জনসভা অনুষ্ঠিত কৰি গৈছে।

গতিকে স্বাভাৱিকতে ৰাইজৰ মাজত জনপ্ৰতিনিধিৰ কোভিড সজাগতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভেকচিনৰ ক্ষেত্ৰতো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্বৰ কেইবাখনো দেশে শিশুৰ প্ৰতিষেধক আৰু বয়স্ক লোকক বুষ্টাৰ ড'জ দিয়াৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি গৈছে। এই সময়ত আমাৰ দেশত এতিয়াও সেই কাম আৰম্ভ হোৱা নাই। ইফালে, কোনোবাই কৈছে যে অমিক্ৰনৰ সংক্ৰমণৰ মাত্ৰাক লৈ ভয় খাবলগীয়া নাই। ই অন্ততঃ পূৰ্বৰ উৎপৰিবৰ্তনৰ দৰে মাৰাত্মক নহয়। গতিকে এনে বিষয়বোৰৰ ক্ষেত্ৰত চৰকাৰীভাৱে প্ৰকৃত তথ্যসমৃদ্ধ প্ৰচাৰ হোৱা উচিত, যাতে ৰাইজে অযথা শংকা আৰু আতংকৰ মাজত দিন অতিবাহিত কৰিব লগা নহয়।