শান্তিৰ নতুন চুক্তি

শান্তিৰ নতুন চুক্তি

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দেওবাৰে নতুন দিল্লীত কাৰ্বি আংলঙৰ ছটা উগ্ৰপন্থী সংগঠনৰ প্ৰতিনিধিৰে যি ত্ৰিপাক্ষিক চুক্তি সম্পাদন হ'ল, তাৰ পৰিপ্ৰেক্ষিতত অসমত শান্তিৰ পৰিবেশ ৰচনাৰ এক নতুন পথ উন্মোচিত হোৱাৰ লগে লগে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সামৰা অঞ্চলটোত বিকাশৰ এটা নতুন ধাৰাৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।

অৱশ্যে সম্ভাৱনাৰ এই নতুন দুৱাৰখন মুকলি হোৱাৰ সময়তে দুৰ্ভাৱনাৰ অন্য এখন দুৱাৰো খোল খোৱা দেখা গৈছে ডি এন এল এ নামৰ ডিমাচা জনগোষ্ঠীয় যুৱকেৰে গঠিত উগ্ৰপন্থী সংগঠনটোৰ ভয়াৱহ আত্মপ্ৰকাশৰ জৰিয়তে।মাত্ৰ এসপ্তাহ পূৰ্বে এই ডি এন এল এ (ডিমাচা নেচনেল লিবাৰেচন ফ্ৰণ্ট)ই কাৰ্বি পাহাৰৰ কাষৰীয় ডিমা হাচাওৰ দিয়ুংমুখত চিমেণ্ট আৰু কয়লা কঢ়িওৱা ৫ খন ট্ৰাক জ্বলাই দিয়াৰ লগতে নৃশংসভাৱে হত্যা কৰিছিল পাঁচজনকৈ ট্ৰাকচালকক।

যোৱা বছৰ মে' মাহত পশ্চিম কাৰ্বি আংলঙৰ মিচিবাইলামৰ অৰণ্যত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই উগ্ৰপন্থী সংগঠনটোৰ ছজন নেতাক গুলীয়াই হত্যা কৰাৰ লগতে জব্দ কৰিছিল বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। সেই ঘটনাই ডি এন এল এৰ কঁকাল ভাঙি পেলোৱা বুলি ধাৰণা কৰা হৈছিল যদিও ট্ৰাক জ্বলোৱা আৰু ট্ৰাকচালকৰ হত্যাকাণ্ডই তাক অমূলক প্ৰতিপন্ন কৰাৰ লগতে অসমত হিংসাৰ বীজ যে সমূলঞ্চে নিঃশেষ হোৱা নাই তাৰেই আভাসো দিলে।

সি যি কি নহওক, দিল্লীত ,স্বাক্ষৰিত হ'লেও আৱশ্যে এই উগ্ৰপন্থী সংগঠনকেইটাৰ সহস্ৰাধিক সদস্যই যোৱা ফেব্ৰুৱাৰী মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি তিনি শতাধিক অত্যাধুনিক মাৰণাস্ত্ৰসহ বিপুল পৰিমাণৰ গুলী-বাৰুদ সমৰ্পণ কৰিছিল।

দেওবাৰৰ চুক্তি তাৰেই পৰৱৰ্তী পদক্ষেপ। প্ৰকাশিত খবৰমতে এই চুক্তি অনুসৰি উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপনৰ লগতে অঞ্চলটোৰ বিকাশৰ বাবে অহা পাঁচ বছৰত বছৰি দুশ কোটিকৈ এহেজাৰ কোটি টকা ব্যয় কৰা হ'ব। ইয়াৰে পাঁচশ সকোটি কেন্দ্ৰীয় চৰকাৰে আৰু বাকী পাঁচশ কোটি অসম চৰকাৰে বহন কৰিব। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আসনৰ সংখ্যা ৫০ লৈ বৃদ্ধি কৰা হ'ব। ৬ খন আসনত ৰাজ্যপালে পোনপটীয়াকৈ সদস্য মনোনীত কৰাৰ বিপৰীতে বাকী ৪৪ খনৰ ৩৪ খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ'ব আৰু আন ১০ খন আসন অন্য সকলোৰে প্ৰতিদ্বন্দ্বিতাৰ বাবে মুকলি হৈ থাকিব।

কাৰ্বি পৰিষদৰ আসন বৃদ্ধি তথা সংৰক্ষণৰ এই নতুন ব্যৱস্থাটো নিশ্চিয় একাংশ উগ্ৰপন্থী নেতাক ক্ষমতা প্ৰদানৰ লক্ষ্যৰেই গ্ৰহণ কৰা হৈছে, যিসকলে কিছুদিন আগলৈকে নৰৰক্তৰ ধাৰ বোৱাই পাৰ্বত্য জিলাখনৰ জনজীৱন বিভীষিকাপূৰ্ণ কৰি ৰাখিছিল। অৱশ্যে এটা কথা যোৱা কেইটামান দশকত পৰিলক্ষিত হৈছে যে গণতান্ত্ৰিক সংগ্ৰামেই হওক বা সশস্ত্ৰ সংগ্ৰামেই হওক জনজীৱন উত্তাল আৰু বিভষীকাপূৰ্ণ কৰি তুলিব পৰা নেতাসকল একো একোখন চুক্তিৰ জৰিয়তে ক্ষমতাসীন হোৱাৰ এটা ধাৰাৰ সৃষ্টি হৈছে।

অসম আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকলক বিশ্ববিদ্যালয় চৈহদৰ পৰা একেকোবে নি বহুৱাইছিলগৈ দিছপুৰৰ মছনদত। উদয়াচলৰ সংগ্ৰামেৰে ৰাজনৈতিক উত্থান ঘটিছিল সমৰ ব্ৰহ্ম চৌধুৰী, চৰণ নাৰ্জাৰীৰ দৰে নেতাৰ। বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ চুক্তিৰ জৰিয়তে বড়োভূমিত ক্ষমতা লৈছিল কনকেশ্বৰ নাৰ্জাৰী, প্ৰেমসিং ব্ৰহ্মই। সেই চুক্তিক অপ্ৰাসংগিক কৰি বি টি চি চুক্তিৰে তাত ক্ষমতাসীন হ'ল বহু লোমহৰ্ষক বিস্ফোৰণ-হত্যাৰ নায়ক হাগ্ৰামা মহিলাৰী।

সেই হাগ্ৰামাৰো শাসন ওফৰালে বি টি আৰ চুক্তিৰ নায়ক প্ৰমোদ বড়োসহ এবছু-এন ডি এফ বিৰ নেতাসকলে। তেনেকৈ 'ৰাজ্যৰ ভিতৰতে ৰাজ্য' দাবীৰে কাৰ্বি পাহাৰ উতলোৱা ডাঃ জয়ন্ত ৰংপি নেতৃৃত্বাধীন এ এছ ডি চিয়ে হস্তগত কৰিছিল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা। তাৰ পিচত তাত দীৰ্ঘদিন কংগ্ৰেছৰ কৰ্তৃত্ব চলিলেও ইটোৰ পিচত সিটোকৈ উত্থান ঘটা উগ্ৰপন্থী সংগঠনবোৰ দীৰ্ঘদিন অশান্ত কৰি ৰাখিছিল পাৰ্বত্য জিলাখন। তেনেকৈ অস্ত্ৰৰ চমকেৰে আত্মপ্ৰকাশ ঘটা নেতা কিছুমানেই এতিয়া কাৰ্বি ৰাজনীতিৰ সৰ্বেসৰ্বা।

দিল্লীত দেওবাৰে স্বাক্ষৰিত চুক্তিখনে আৰু এচাম উগ্ৰপন্থী নেতাক ক্ষমতাৰ সোৱাদ দিব। এনেদৰে সংগ্ৰামৰ সংখ্যা বাঢ়ি গৈ সৃষ্টি হোৱা নেতাসকলেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গঠিত অন্য স্বায়ত্তশাসিত তথা উন্নয়ন পৰিষদবোৰৰো নেতৃত্ব লৈছে। কিন্তু পৰিহাসৰ কথা হ'ল- জনসাধাৰণক পৰিবৰ্তনৰ সপোন দেখুৱাই উগ্ৰ সংগ্ৰামৰ নেতৃত্ব দিয়া নেতাসকলে ৰাজ্য তথা অঞ্চলবোৰৰ শাসনৰ দায়িত্ব ল'লেও ক'তোৱেই কিন্তু মৌলিক সমস্যাবোৰৰ সমাধান হোৱা নাই।

ইয়াৰ বিপৰীতে দুৰ্নীতিৰ পৰিক্ষেত্ৰ কিছুমানৰহে সৃষ্টি হৈছে আৰু জন্ম হৈছে কিছুমান নতুন মধ্যভোগীৰ। গতিকে চুক্তিবিলাকে নতুন সংগ্ৰামী কিম্বা উগ্ৰপন্থীৰ জন্মত উৎসাহ যোগাব পাৰে নেকি, সেইটোও লাহে লাহে চিন্তনীয় বিষয় হ'বলৈ ধৰিছে। কাৰ্বি সম্প্ৰদায়ৰ উগ্ৰপন্থী সংগঠনেৰে হোৱা চুক্তিখনে এনেকুৱা প্ৰশ্নবিলাকৰ ঊৰ্ধ্বলৈ গৈ অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠাত অৰিহণা যোগাব বুলি আশা কৰো। এতিয়া চৰকাৰে ডি এল এল এক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তথা পৰেশ বৰুৱাক কেনেকৈ শান্তি প্ৰক্ৰিয়াৰ মাজলৈ আনিব পাৰে তাৰ চেষ্টা কৰা উচিত।

ট্ৰাকচালকক হত্যাৰে ডি এন এল এই যি নৃশংসতাৰ পৰিচয় দিছে তাৰ পৰিপ্ৰেক্ষিতত ডিমা হাচাওলৈ ডি এইচ ডিৰ দিনৰ বিভীষিকা নামি আহিব পাৰে বুলি আশংকা কৰিছে বহুতে। সেই দুৰ্ধৰ্ষ ডি এইচ ডি নেতাসকলো এতিয়া ক্ষমতাৰ কৰিডৰত। তেওঁলোকৰ স্থানত ডি এন এল এৰ উত্থান উদ্বেগজনক। দীৰ্ঘদিনীয়া ঘটনাক্ৰমৰ পৰা সকলোৰে প্ৰায় জ্ঞাত হৈছে যে অসমত উগ্ৰপন্থীৰ উত্থানৰ আঁৰৰ মূল শক্তিটো হৈছে নাগালেণ্ডৰ এন এছ চি এন। সেই এন এছ চি এনৰ সৈতে কেন্দ্ৰৰ আলোচনা প্ৰক্ৰিয়া এটা চলি আছে যদিও এতিয়ালৈকে নিষ্পত্তিৰ চূড়ান্ত পৰ্যায়ত উপনীত হ'ব পৰা নাই। এন এছ চি এনৰ সমস্যাটোৰ চয়-নিচয় নোহোৱালৈকে অসমত নতুন উগ্ৰপন্থীৰ জন্মৰ আশংকা এটা সদায় থাকি যাব। গতিকে এই দিশত চৰকাৰ কেনেদৰে আগবাঢ়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব অসম তথা উত্তৰ-পূবৰ স্থায়ী শান্তিৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in