সোণৰ খনি

সোণৰ খনি

দুদিন পূৰ্বে দেশৰ স্থল পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সগৰ্বে ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এতিয়া সোণৰ খনিত পৰিণত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দাবী কিয় কৰিছে, সেই কথা বুজাত অসুবিধা আমাৰ ৰাজ্যবাসীৰো হোৱা নাই। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্দিষ্ট ব্যৱধানত অন্তৰে অন্তৰে স্থাপন কৰা টোলপ্লাজাবিলাকত প্ৰতিখন চাৰিচকীয়া বা ততোধিক চকাৰ বাহনৰ পৰা কি হাৰত প্ৰতিদিনে ধন সংগ্ৰহ কৰা হৈ আছে, সেয়া ৰাষ্ট্ৰীয় পথবিলাকৰে অহা যোৱা কৰা প্ৰত্যেকেই দেখিছে।

মন্ত্ৰীগৰাকীৰ মতেই বৰ্তমান বছৰি ৪০ হাজাৰ কোটি টকাকৈ ৰাষ্ট্ৰীয় পথবিলাকৰ পৰা সংগ্ৰহ হৈ আছে আৰু অহা ৫ বছৰত এই পৰিমান ১.৪০ লাখ কোটি টকালৈ বৃদ্ধি পাব। চাৰিশৰীয়া (ফ'ৰলেন) ৰাষ্ট্ৰীয় ঘাইপথবিলাকৰ নিৰ্মানৰ লগে লগে পথ পৰিবহনৰ ব্যৱস্থাটোৰ যে অভাৱনীয় পৰিবৰ্তন ঘটিছে, তাত সন্দেহ নাই। কিন্তু তাৰ সমান্তৰালকৈ বাহনবিলাকে ভৰিবলগীয়া হোৱা কৰৰ বোজাই সাধাৰণ মানুহক পেপুৱা লগাইছে।

আনহাতে, বাতৰিত প্ৰকাশ পাইছে যে বাণিজ্যিক কাৰণত ব্যৱহৃত যান বাহনবিলাকৰ এতিয়াৰ পৰা ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব। অৰ্থাৎ জিলা, ৰাজ্যিক কিম্বা নিকটৱৰ্তী কেইখনমান ৰাজ্যত চলাচল কৰাৰ অনুজ্ঞাপত্ৰ লৈ ক্ষুদ্ৰ পৰিসৰৰ পৰিবহন ব্যৱসায়ত জড়িত হৈ পেটৰ ভাত মোকলোৱাসকলৰ ওপৰত অবাঞ্চিতভাৱে আহি পৰিল অন্য এক বোজা।

কাৰণ ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লৈ এই ব্যৱসায় চলাব লগা হোৱাৰ অৰ্থ হ'ব নতুনকৈ বিশাল পৰিমানৰ কৰৰ বোজা এটা এজন অতি ক্ষুদ্ৰ উদ্যোগীৰ ওপৰত জাপ খাই পৰা। লগে লগে এই বাণিজ্যিক বাহনবিলাকৰ পৰা ৰাজ্যবিলাকে আহৰণ কৰা কৰৰো এতিয়াৰে পৰা কেন্দ্ৰৰ সৈতে ভাগ বাটোৱাৰ হ'ব। তাৰমানে পথ পৰিবহনৰ ক্ষেত্ৰখনটো কেন্দ্ৰৰ অৰ্থ আহৰণৰ অন্য এক সোণৰ খনিলৈ ৰূপান্তৰ কৰিব খোজা হৈছে।

স্বৰাজোত্তৰ দেশৰ ৭৫ বছৰীয়া ইতিহাসত দেশবাসীৰ বাবে এইবোৰ নতুন অভিজ্ঞতা। ইয়াৰ আগলৈকে নিৰ্বাচিত চৰকাৰবিলাকৰ চৰিত্ৰ আছিল মুলত কল্যাণকামী। কৰ আৰোহ হৈছিল। দেশ চলিবলৈ নাগৰিকে কৰ কাটল দিবই লাগিব। কিন্তু কৰবোৰৰ মাত্ৰা আছিল বহনক্ষম। কেতিয়াবা কৰৰ বোজা অতিৰিক্ত বুলি বোধ হ'লে দেশত প্ৰতিবাদ হৈছিল আৰু তেনে প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ সন্মান আছিল আৰু জনসাধাৰণৰ প্ৰতিবাদৰ যুক্তি চৰকাৰৰ বিবেচনালৈ গৈছিল।

কিন্তু এতিয়া সকলো ক্ষেত্ৰতে কৰৰ বোজাত যি মাত্ৰা আৰু ইয়াক আৰোপ কৰাৰ যি ধৰণ, সেয়া সাধাৰণ জনতাৰ বাবে দুৰ্বোধ্য। বিভিন্ন পণ্য আৰু সেৱাৰ নামত পূৰ্বৰ ভিন্নমুখী কৰৰ ব্যৱস্থাটো সৰলীকৰণৰ যুক্তি প্ৰদৰ্শনেৰে জি এছ টি অৰ্থাৎ পণ্য সেৱা কৰ ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। ফলত ইও এক সোণৰ খনি হৈ মাহে লক্ষাধিক কোটি টকাৰ এনে কৰ কেন্দ্ৰৰ ৰাজকোষত সোমাইছে।

এনে ব্যৱস্থাৰ মাজতে আকৌ ৰহস্যজনকভাৱে পেট্ৰ'-ডিজেলৰ দৰে পেট্ৰ' পণ্যবোৰক জি এছ টি ব্যৱস্থাৰ পৰা আঁতৰাই ৰখা হৈছে। এনে পেট্ৰ' পণ্যৰ ওপৰত প্ৰায় দৈনিক বৃদ্ধই কৰা কৰৰ জৰিয়তে প্ৰকাৰান্তৰে জনসাধাৰণক লুন্ঠন কৰি কেন্দ্ৰীয় চৰকাৰে কিমান বিশাল ধন দেশৰ ৰাজকোষত জমা কৰিছে, সেয়া কল্পনাতীত।

ৰাইজে শুনিলে স্তম্ভিত হ'ব যে যোৱা ৬ বছৰত পেট্ৰ'ল-ডিজেলত কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা কৰৰ মাত্ৰা ৩০০ শতাংশ বৃদ্ধি পাইছে। লোকসভাত যোৱা মাৰ্চ মাহত চৰকাৰে দিয়া তথ্যমতেই ২০২০-২১ বৰ্ষৰ প্রথম দহটা মাহতে কেন্দ্ৰীয় চৰকাৰে এই দুবিধ পেট্ৰ' পণ্যৰ পৰা সংগ্ৰহ কৰিছে ২.৯৪ কোটি । কি এক বিশাল সোণৰ খনি! এনেদৰে বৰ্তমানৰ বিজেপি কৰ্তৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ ক্ষেত্ৰত দেখা গৈছে যে প্ৰতিটো ক্ষেত্ৰতে কেৱল ধনৰ মতলব।

কেৱল ধন আহৰণৰ স্বাৰ্থতে ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডৰ উদ্যোগত নিৰ্বিনিয়োজন ঘটাই চৰকাৰে এই সম্পদবোৰ ইটোৰ পাছত সিটোকৈ তুলি দিছে পুঁজিপতিৰ হাতত। অসমবাসীয়েও সেই ৰূপ প্ৰত্যক্ষ নকৰাকৈ থকা নাই। অ' এন জি চি-অইলৰ লাভদায়ক তৈল ক্ষেত্ৰবোৰ এতিয়া দেশী-বিদেশী পুঁজিপতি কোম্পানীৰ হাতত। বন্ধ কৰি দিয়া হ'ল নগাঁও কাছাৰ কাগজ কল। প্ৰতিবাদ নোহোৱা হ'লে হয়তো বিপিচিএলৰ লগতে পুঁজিপতিৰ হাতত পৰিলেহেঁতেন নুমলীগড় শোধনাগাৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰ এতিয়া গৌতম আদানিৰ হাতত। এইবোৰতো সোণৰ খনিৰেই অংক!

ওপৰত যিখিনি কথা উল্লেখ কৰা হ'ল সেয়ই এক বিহংগম আলোকপাতহে। সকলো কথা বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ হ'লে এখন মহাভাৰত হ'ব। পঢ়ুৱৈসকলে গম পায়েই যে যিখ এখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশৰ বুজনসংখ্যক কৃষক জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে, তাৰো অন্তনিৰ্হিত কাৰণ মুকেশ আম্বানি, গৌতম আদানিৰ কোম্পানীক কৃষকৰদ উৎপাদিত সামগ্ৰী ক্ৰয়ৰ কৰ্তৃত্ব গতোৱাটোৱেই বুলি খোদ প্ৰতিবাদী কৃষকসকলেই অভিযোগ কৰিছে।

অৰ্থাৎ দেশৰ কৃষি ক্ষেত্ৰখনৰ সমস্ত লাভালাভ কুক্ষিগত হ'ব বৃহৎ পুঁজিপিত গোষ্ঠীৰ হাতত! জনসাধাৰণ বাবে সমস্ত বিষয়বোৰেই অবুজ সাঁথৰ হৈ পৰিছে। এফালে নিত্যনতুন কৌশলেৰে জনসাধাৰণৰ ওপৰত কৰৰ বোজা বঢ়াই গৈ থকা হৈছে, আনফালে দেশৰ মুষ্টিমেয় বৃহৎ পুঁজিপতি গোষ্ঠীক দেশৰ সমস্ত সম্পদৰ কৰ্তৃত্ব গতাই দিব খোজা হৈছে। তেনেহ'লে কল্যাণকামী ৰাষ্ট্ৰৰ অস্তিত্ব ক'ত!

কৃষকৰ আয় স্থবিৰ হৈ পৰিছে, দেশত নিবনুৱাৰ সংখ্যা বিদ্যুৎ ক্ষিপ্ৰ গতিত বৃদ্ধি হৈ গৈ আছে, সাধাৰণ মানুহৰ উৎপাদন-উপাৰ্জনৰ উৎসবোৰ বন্ধ হৈ পৰিচে। কোটি কোটি কৰ্মচাৰী কৰ্মচ্যুত হৈছে, ছাটাই হৈছে শ্ৰমিক। কিন্তু দেশ বিশ্বৰ এনে দুৰ্যোগৰ মাজতে বৃদ্ধি পাই গৈ আছে বৃহৎ পুঁজিপতিবোৰৰ আয়।

২০১৮চনৰ বৰ্তমানলৈকে দেশৰ দৈনিক ৭০ জনকৈ বিলিয়নেয়াৰৰ সৃষ্টি হৈছে । ২০০০ চনত দেশৰ ৯ গৰাকী বিলিয়নেয়াৰ আছিল। সেই সংখ্যা এতিয়া ১৭৭ৰ অধিক হৈছে। এই বিলিয়নেয়াৰ সকলৰ সম্পত্তিৰ পৰিমান বৰ্তমানৰ এটা বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ সমান। লকডাউনৰ পাছত মুকেশ আম্বানিৰ দৈনিক আয় ৯০ কোটি হৈছে আৰু বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমান ৬.৬ লাখ কোটি । একেদৰে বাঢ়ি গৈ আছে গৌতম আদানিৰ সম্পত্তি। ৰহস্য কি? দেশবাসীৰ বাবে সঁচাকৈয়ে এয়া এক অবুজ সাঁথৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in