বিধানসভাৰ অধিৱেশন

বিধানসভাৰ অধিৱেশন

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দ্বিতীয়খন চৰকাৰৰ ছমাহ কাৰ্যকাল অতিক্ৰম কৰাৰ পিচত বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। অর্থনৈতিকভাৱে ৰাজ্যখনৰ অতি জটিল অৱস্থাত সদনৰ মজিয়াত শাসক-বিৰোধী মিলিত হৈ এই অধিৱেশনত জনসাধাৰণৰ বিকাশ-উন্নয়নৰ কৰ্মসূচী সম্পর্কে আলোচনা কৰিব। এক অৰ্থত আমাৰ ৰাজ্যৰ ৰাইজৰ কল্যাণৰ অৰ্থে এই সদনতে বিধি-ব্যৱস্থা প্রণয়ন কৰা হ'ব। ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে বিধানসভাৰ মজিয়াত দুয়োপক্ষৰ বাদ-বিবাদৰ মাজেৰে ভিন্ন মতৰ মাজত সহাৱস্থান কৰাৰ পথ উলিয়াব।

কিন্তু প্রশ্ন হয়— ৰাজ্যপালে আহ্বান কৰা এই শীতকালীন অধিৱেশনৰ পাঁচদিনীয়া কাৰ্যসূচীত জনপ্রতিনিধিসকলে অসমৰ ৰাইজৰ সমস্যাৰাজিৰ বিষয়ে সংক্ষিপ্ত ৰূপত হ'লেও অন্ততঃ কিছু কথা সদনৰ মজিয়াত উত্থাপন কৰিবলৈ সক্ষম হ'বনে? অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ পৰা আৰম্ভ কৰি বৃহৎ নদীবান্ধ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসমীয়াৰ সাংবিধানিক সুৰক্ষা, নিবনুৱাৰ কৰ্মসংস্থান, বান-খহনীয়া, ভূমিৰ সমস্যা, কৃষকৰ সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যা, আইন-শৃংখলাৰ সমস্যা— এনেদৰে অজস্ৰ সমস্যাৰে আক্ৰান্ত ৰাজ্যবাসীক পৰিত্ৰাণৰ পথ দেখুৱাব লাগিব নিৰ্বাচিত চৰকাৰ আৰু জনপ্রতিনিধিসকলে। কিন্তু বিভিন্ন হিতাধিকাৰীমূলক আঁচনিৰ ৰূপায়ণ আৰু কেতবোৰ আন্তঃগাঁথনিমূলক কামৰ আধাৰশিলা স্থাপনেৰে ইতিমধ্যে ৰাইজক কোৱা হৈছে যে ৰাজ্যখনৰ বিকাশ সঠিক পথেৰেই আগবাঢ়িছে।

অথচ এই কথাও পোহৰলৈ আহিছে যে ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা লাহে লাহে শোচনীয় হৈ পৰিছে। ঋণৰ বোজা বাঢ়িছে। ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰতো ক্রমান্বয়ে জটিলৰ পৰা জটিলতৰ অৱস্থা আহি পৰিছে। অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ক্রমাগত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ দৈনন্দিন জীৱন প্রণালীত অত্যন্ত নেতিবাচক ৰূপত প্ৰভাৱিত কৰিছে। কোৰোনা মহামাৰীয়ে সৃষ্টি কৰা দীর্ঘকালীন সময়ছোৱা শ্রমজীৱী লোকৰ মাজত দেখা দিয়া জীৱিকাৰ অনিশ্চয়তা এতিয়াও আঁতৰা নাই। বিগত প্রায় দুটা বছৰত ধাৰাবাহিক লকডাউনৰ ফলত জনসাধাৰণ প্রত্যক্ষভাবে ক্ষতিগ্রস্ত হৈছে। তাৰ ফলত ৰাজ্যৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে।

পৰিস্থিতি এতিয়া লাহে লাহে স্বাভাৱিক হৈ পৰিছে যদিও সাধাৰণ ব্যৱসায়-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা লোকসকল এতিয়াও থান-থিত লাগিব পৰা নাই। তাৰ মাজতে আকৌ নতুন ৰূপত আৰম্ভ হোৱা কোৰোনা সংক্ৰমণৰ ভয়ে সকলোকে একধৰণৰ শংকাৰ মাজত ৰাখিছে। অৱশ্যে কেৱল অসমতেই নহয়, সমগ্র দেশতে অৰ্থনীতিৰ চৰম বিপৰ্যয়মূলক অৱস্থাই বিৰাজ কৰিছে। এইক্ষেত্ৰত বিমুদ্ৰাকৰণ, জি এছ টি আৰু শেহতীয়াভাৱে পেট্র'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে দীর্ঘম্যাদী ৰূপত ঋণাত্মক প্রভাৱ বিস্তাৰ কৰিছে। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা আর্থিক নীতিয়ে ৰাজহুৱা খণ্ডৰ শিক্ষা, স্বাস্থ্য, বীমা, বেংক আদি ক্ষেত্রসমূহলৈভয়াৱহ বিপদ নমাই আনিছে।

তাৎপর্যপূর্ণভাৱে ৰাজ্যৰ শাসক পক্ষৰ প্রতিনিধিসকলে যিমানেই উচ্চ-বাচ্য নকৰক কিয়; এই কথা লুকাই থকা নাই যে অসমৰ দৰে অনগ্ৰসৰ ৰাজ্যক পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে ইমানদিনে প্ৰদান কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদাৰ সুবাদত লাভ কৰা আর্থিক পেকেজ ইতিমধ্যে বন্ধ হৈ পৰিছে। তথাপি অসমক দেশৰ ভিতৰতে শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ মাজৰ এখনত পৰিণত কৰাৰ সপোন ৰাজ্যবাসীক দেখুওৱা হৈছে। এই কথাও অনস্বীকার্য যে বিধানসভাৰ চমু অধিৱেশনত এই বিষয়বোৰক লৈ কার্যকৰী আলোচনা হোৱাৰ সম্ভাৱনা নাই। বিধানসভাৰ প্ৰকাশিত কাৰ্যসূচী অনুসৰি কেইবাখনো সংশোধনী বিধেয়ক এই অধিৱেশনত শাসক পক্ষই উত্থাপন কৰিব। তাৰে ভিতৰত 'দি আছাম কো-অপাৰেটিভ ছ'চাইটিজ এমেণ্ডমেন্ট বিল, দি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল, দি দেউৰী অট'নমাচ কাউন্সিল এমেণ্ডমেণ্ট বিল, দি আছাম ট্রাইবেল ডেভেলপমেন্ট অথৰিটি বিল আদি উল্লেখযোগ্য।

তদুপৰি অসমৰ চৰকাৰী পতিত ভূমিৰ সমস্যা সমাধানৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা দি আছাম ফিক্সেচন অব্ চিলিং অন লেণ্ড হ'ল্ডিংছ এমেণ্ডমেন্ট বিল, ২০২১ শীর্ষক বিধেয়কখনো এইবাৰ উত্থাপন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। সেইদৰে পূৰ্বৰ অধিৱেশনত গৃহীত হোৱা গো-সুৰক্ষা বিধেয়কৰ সংশোধনীও এই অধিৱেশনতে চৰকাৰী পক্ষই উত্থাপন কৰিব বুলি ঘোষণা কৰা হৈছে। গতিকে দেখা গৈছে যে সদনৰ মজিয়াত গতানুগতিকভাৱে কেৱল কেইখনমান সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰতহে শাসক পক্ষ সক্ৰিয় হৈ পৰিছে।

তাৰ বিপৰীতে বিৰোধী পক্ষই ৰাজ্যৰ সাম্প্ৰতিক সমস্যাৰাজিৰ ক্ষেত্ৰত চৰকাৰক জবাবদিহি কৰিবলৈ কি ধৰণৰ ৰণকৌশল যুগুত কৰিছে, সেয়া সদনৰ মজিয়াতহে প্ৰতিপন্ন হ'ব। তথাপি ৰাজনৈতিক মহলত চৰ্চা হৈছে যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ বিৰোধীয়ে হয়তো ঐক্যবদ্ধভাবে সদনত সভা স্থগিত প্ৰস্তাৱ আনি সেই বিষয়ে আলোচনাৰ দাবী উত্থাপন কৰাৰ চেষ্টা চলাব। মুঠতে অসম বিধানসভাৰ শীতকালীন অধিৱেশনক লৈ ৰাজ্যবাসী উৎকণ্ঠাত আছে যদিও তাৰ জৰিয়তে ৰাজ্যৰ জ্বলন্ত সমস্যা সমাধানৰ পথ প্রশস্ত হোৱাৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in