সংসদৰ অধিবেশন

সংসদৰ অধিবেশন

যিদৰে সংসদত বিৰোধীক আলোচনা কৰিবলৈ কোনোধৰণৰ সুযোগ নিদিয়াকৈ শাসক পক্ষই তিনিখনকৈ নতুন কৃষি আইন গৃহীত কৰাইছিল, সেইদৰেই কৃষকৰ অবিৰত সর্বাত্মক প্রতিবাদৰ ওচৰত সেও মানি মোডী চৰকাৰে সেই আইন প্রত্যাহাৰ কৰিবলৈও বাধ্য হৈ পৰিল। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীক কথা কোৱাৰ সুযোগ নিদিয়াকৈ ততাতৈয়াকৈ ধ্বনি ভোটত গৃহীত কৰাই কৃষি আইন তিনিখন প্রত্যাহাৰৰ সংসদীয় কাম-কাজখিনি সম্পন্ন কৰা হ'ল। কৃষি মন্ত্রী নৰেন্দ্র সিং টোমৰে দুয়োখন সদনত আইন প্রত্যাহাৰৰ বিধেয়কখন উত্থাপন কৰাৰ পিচত মাত্ৰ কেইমিনিটমানৰ ভিতৰতে সেয়া ধ্বনি ভোটত গৃহীত কৰা হয়।

স্বাভাৱিকতে তাৰ অর্থ হল – কৃষি আইনৰ ক্ষেত্ৰত দুখোজ পিচুৱাই আহিবলৈ বাধ্য হোৱা চৰকাৰে বিৰোধীক সদনত সেই সম্পৰ্ভত চৰকাৰক সমালোচনা কৰাৰ পৰা বিৰত ৰখাৰ সুবন্দৱস্ত কৰিলে। কথা হ'ল- বিগত সময়ছোৱাত আন্দোলনকাৰী কৃষকক উগ্ৰপন্থী, খালিস্তানী আদি আখ্যা দিয়া চৰকাৰী বাহিনীয়ে এতিয়া কোন সতে সংসদত বিৰোধীৰ মুখামুখি হয়। এইক্ষেত্ৰত বিৰোধীৰ স্পষ্ট মত— একাংশ সংবাদ মাধ্যমক কৃষক আন্দোলনটোক বদনাম কৰাৰ কামত লগোৱাৰ যি গুৰুতৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছিল, তাৰ প্ৰত্যুত্তৰ দিয়াৰ নৈতিক মনোবল চৰকাৰে হেৰুৱাই পেলাইছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশতে কৃষি আইন প্রত্যাহাৰৰ সংসদীয় কাম-কাজখিনি যিমান পাৰি সোনকালে সম্পন্ন কৰা হৈছে, যাতে বিষয়টোক লৈ সদনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি নহয় আৰু তাৰ দ্বাৰা সংবাদ মাধ্যমতো বিষয়টোক লৈ বৰ বিশেষ চৰ্চা নহয়। লক্ষ্য়ণীয়ভাৱে কৃষক আন্দোলনৰ সমৰ্থনকাৰীসকলৰ মাজৰ এচামে এইধৰণৰ বক্তব্যও আগবঢ়াইছে। আৰু মাত্ৰ কেইটামান মাহৰ পিচতে অনুষ্ঠিত হ'বলগা উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাবকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনক লক্ষ্য কৰিও শাসক পক্ষই এনে ৰণনীতি অবলম্বন কৰিছে বুলিও ৰাজনৈতিক বিশ্লেষণ কৰা হৈছে।

সি যি কি নহওক, কৃষি আন্দোলনৰ ইছ্যুটোক লৈ এতিয়াও শাসক পক্ষৰ বিপদ আঁতৰা নাই। এম এছ পিৰ আইনী গেৰাণ্টি, কৃষক আন্দোলনত মৃত্যুবৰণ কৰা সাতশ ছহিদৰ উচিত মৰ্যাদা তথা পৰিয়ালৰ সংস্থাপন আৰু প্ৰস্তাবিত নতুন বিদ্যুৎ নিয়ামক বিধেয়ক আদিৰ প্ৰসংগত সংযুক্ত কিষাণ মৰ্চাই তেওঁলোকৰ দাবী এতিয়াও জোৰদাৰভাৱেই উত্থাপন কৰিছে। বিশেষকৈ এম এছ পিৰ প্ৰসংগত আইনগত ব্যবস্থা নোলোৱালৈকে কৃষকৰ আন্দোলন অব্যাহত ৰখাৰ হুমকিও দিয়া হৈছে। ইফালে উত্তৰ প্ৰদেশ, পঞ্জাব আদি ৰাজ্যত বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে কৃষক সংগঠনবোৰে প্ৰবল জনমত গঠন কৰিছে। এইক্ষেত্ৰত মোডী চৰকাৰক কৃষকবিৰোধী আৰু বৃহৎ কৰ্প'ৰেটৰ স্বাৰ্থ ৰক্ষাকাৰী আখ্যা দিয়া হৈছে।

গতিকে ততাতৈয়াকৈ কৃষি আইন প্রত্যাহাৰ কৰিলেও মোডী চৰকাৰ কৃষক সংগঠনৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগাত পৰিছে। সংসদতো তাৰ প্ৰতিধ্বনি শুনা গৈছে। অধিৱেশনৰ প্ৰথম দিনাই কৃষি আইনক লৈ সংসদত আলোচনাৰ দাবী কৰাৰ বাবে ৰাজ্যসভাৰ বাৰজনকৈ সাংসদক নিলম্বন কৰা হৈছে। কংগ্ৰেছৰ ছজন আৰু তৃণমূল কংগ্ৰেছ আৰু শিৱসেনাৰ দুজনকৈ আৰু চি পিএম-চি পি আইৰ এজনকৈ সাংসদৰ বিৰুদ্ধে সদনত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ অভিযোগত সংসদীয় নীতি-নিয়মৰ অধীনতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই ব্যবস্থা অনুসৰি নিলম্বিত সাংসদসকলে শীতকালীন অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব।

ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ঘোষণা কৰিছে যে নিলম্বিত সাংসদসকলে তেওঁলোকৰ অশোভনীয় আচৰণক লৈ ক্ষমা নিবিচৰালৈকে তেওঁলোকৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ পুনৰীক্ষণ নহ'ব। নিলম্বিত সাংসদসকলে যোৱা দুদিন ধৰি সংসদৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে চৰকাৰে সাংসদৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰিছে। তাৎপর্যপূর্ণভাবে সাংসদসকলৰ এই প্রতিবাসে সদনৰ বাহিৰতো বিৰোধী ঐকা স্থাপন কৰিছে। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী দলসমূহৰ মাজত বিশেষকৈ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত অৰিয়াঅৰিৰ সৃষ্টি হৈছিল যদিও এতিয়ালৈকে সংসদত তেওঁলোকৰ ঐক্য অটুট আছে।

যোৱা ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশন অহা ২০ ডিচেম্বৰলৈকে চলিব। এই সময়ছোৱাত কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবে সাজু হৈছে শাসক পক্ষ। কিন্তু কৃষি আইন প্রত্যাহাৰৰ বিষয়টোক লৈ সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিৰ বাবে যোৱাকেইদিন সংসদৰ কাম-কাজ প্রায় স্তব্ধ হৈ পৰিছে। বিৰোধীয়েও মূল্যবৃদ্ধি, পেগাছাছ বিতৰ্ক আৰু অন্য কেইবাটাও বিষয়ত সদনৰ মজিয়াত চৰকাৰক ঘেৰি ধৰাৰ প্ৰস্তুতি চলাইছিল। কিন্তু সদনৰ সাম্প্ৰতিক পৰিবেশটোৱে উভয় পক্ষকে বিপাঙত পেলাইছে। অৱশ্যে এই মুহূর্তত শাসক-বিৰোধীৰ পৰবৰ্তী বণকৌশলৰ ওপৰতে সংসদৰ শীতকালীন অধিৱেশনৰ কার্যকাৰিতাৰ দিশটো নিৰ্ভৰশীল হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in