গণতন্ত্ৰৰ সুৰক্ষা

গণতন্ত্ৰৰ সুৰক্ষা

আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰখনত সম্প্ৰতি কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, যাৰদ্বাৰা উন্নত আৰু উন্নয়নশীল দেশসমূহৰ আৰ্থ-ৰাজনীতি প্ৰভাৱিত হৈছে। জলবায়ু পৰিবর্তন, পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ পৰা আৰম্ভ কৰি বিশ্ব অর্থনীতিৰ সৈতে জড়িত বিভিন্ন দিশ ইয়াৰ দ্বাৰা উন্মোচিত হৈছে। শেহতীয়াভাৱে বিশ্বত গণতন্ত্ৰৰ হকে জনমত গঠনৰ এক প্ৰক্ৰিয়াও আৰম্ভ হৈছে। গণতান্ত্রিক চিন্তা-চৰ্চাৰ প্ৰতি সম্প্রতি বিশ্বজুৰি ভাবুকি সৃষ্টি হোৱাৰ সময়তে মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে অলপতে গণতন্ত্ৰৰ সুৰক্ষাৰ হকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে, য'ত চীন-ৰাছিয়াৰ মহাশক্তিধৰ ৰাষ্ট্ৰৰ প্ৰতিনিধিক আমন্ত্রণ জনোৱা হোৱা নাছিল।

প্রায় এসপ্তাহ আগতে অনুষ্ঠিত উক্ত বৈঠকত দক্ষিণ-পূব এছিয়াৰ ভাৰত, পাকিস্তান আৰু নেপালৰ প্ৰতিনিধি উপস্থিত আছিল। কিন্তু বাংলাদেশ, ভুটান আৰু শ্ৰীলংকাক ইয়াৰ পৰা বাদ দিয়া হৈছিল। দৰাচলতে বাইডেনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ সময়ছোৱাতে ঘোষণা কৰিছিল যে ক্ষমতালৈ আহি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গণতন্ত্ৰ ৰক্ষাৰ অৰ্থে আৰু একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টা চলাব। তেওঁ লগতে কৈছিল যে বিশ্বৰ বিভিন্ন প্রান্তত সম্প্রতি গণতান্ত্রিক সংস্থাসমূহক ধ্বংস কৰি একধৰণৰ কৰ্তৃত্ববাদী শাসন ব্যৱস্থা কায়েম কৰিবলৈ তৎপৰ হোৱা গণতন্ত্রবিৰোধী শক্তিসমূহক নিয়ন্ত্ৰণলৈ আনিবলৈ হ'লে গণতন্ত্ৰৰ পক্ষে থকা ৰাষ্ট্ৰসমূহ ঐক্যবদ্ধ হ'ব লাগিব।

বাইডেনে তেওঁৰ সেই প্রতিশ্রুতিমর্মেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত কৰিছে বুলি মাৰ্কিনপন্থী ৰাজনৈতিক বিশ্লেষকসকলে মতপ্রকাশ কৰিছে। তাৎপর্যপূর্ণভাৱে উক্ত বৈঠকত বাইডেনে মুক্ত সাংবাদিকতা আৰু অনুসন্ধানমূলক বাতৰিৰ সন্ধানত ব্ৰতী সংবাদকর্মীসকলৰ আৰ্থিক তথা সামাজিক নিৰাপত্তাৰ দিশটোক লৈও কিছুমান ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিছিল। নিৰপেক্ষ সংবাদ মাধ্যমৰ মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়টো সেই বৈঠকত উত্থাপন কৰি বাইডেনে তেওঁলোকৰ আর্থিক সমস্যাৰ সমাধানৰ অর্থে আন্তঃৰাষ্ট্ৰীয় পুঁজি গঠনৰ প্ৰস্তাৱো গৃহীত কৰাইছিল। এই বিষয়টোৱে পৃথিৱীৰ অশান্তজৰ্জৰ তথা গৃহযুদ্ধসদৃশ পৰিস্থিতিত বিধ্বস্ত এলেকাবোৰত কৰ্মৰত সাংবাদিকসকলক উপকৃত কৰিব।

গণতন্ত্ৰৰ নামত কর্তৃত্ববাদী শাসন চলি থকা ৰাষ্ট্ৰসমূহত সাংবাদিকৰ স্বাধীনতা হৰণৰ যিবোৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, তাক প্ৰতিৰোধ কৰাৰ দিশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হেঁচা প্ৰয়োগ কৰাৰ কথাও হয়তোমাজতে আৰম্ভ হ'ল ৰাজনৈতিক কচৰৎ। ফলত অৱধাৰিতভাৱে সৃষ্টি হ'ল বিশ্বাসৰ সংকট। ইপিনে সেই সংগ্ৰামৰ ঠিক পিচতে হোৱা লোকসভা নিৰ্বাচনত ৰাজ্যৰ খিলঞ্জীয়া প্রধান সমষ্টিবোৰত বিজেপি মিত্রজোটে সাব্যস্ত কৰিলে বিশাল বিজয়। তৎপৰৱৰ্তী বিধানসভা নির্বাচনতো বিজেপি মিত্ৰজোঁটৰে হ'ল জয়জয় ময়ময়। 'কা' আন্দোলন মঞ্চত দপদপাই থকা একাংশ নেতাই পৰৱৰ্তী সময়ত মুৰপোলোকা মাৰিলে। একাংশই ৰাজনৈতিক দল গঠন কৰি বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাতো দুৰ্বল হৈ গ'ল সংগ্ৰামখনৰ নেতৃত্বৰ ভেটি। এচাম নেতাই পিন্ধিলে গেৰুৱা শিবিৰৰ টুপী।

এনেদৰে জাতীয় সংগ্ৰামৰ শিবিৰৰ সংঘাত-আপোচ আৰু হঠকাৰিতাৰ বাবে সেই সংগ্ৰামৰ জুইত চেঁচাপানী পৰিল, ২০২০ত তাহা ক'ভিডে সংগ্ৰামখন একেবাৰে নিৰ্বাপিতই কৰি পেলালে। 'কা' প্রণয়নৰ দুবছৰ পূৰ্তিত একাংশ নেতৃত্বই সেইখন সংগ্রামক পুনৰুজ্জীৱিত কৰাৰ হুংকাৰ দিছে যদিও সামগ্রিক পৰিস্থিতিৰ বিচাৰ-বিশ্লেষণ কৰি ক'ব পৰা যায় যে ইয়াক বাস্তবায়িত কৰাটো কম প্ৰত্যাহ্বান নহ'ব। ছেম ষ্টেফৰ্ডকে ধৰি পাঁচগৰাকী ছহিদৰ ৰক্তৰঞ্জিত 'কা'বিৰোধী সংগ্ৰামখনৰ প্রাসংগিকতা যে অটুট আছে সেয়া বেছিভাগ খিলঞ্জীয়া মানুহেই উপলব্ধি কৰে। কাৰণ এই ক'লা আইনখনৰ ৰূপায়ণ আৰম্ভ হ'লেই উত্তৰ-পূবৰ খিলঞ্জীয়াৰ অস্তিত্বলৈ সংকট নামি অহাৰ আশংকা প্ৰৱল। চৰকাৰৰ পৃষ্ঠপোষকতাত চলা ধর্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে অনুপ্ৰৱেশৰ সমস্যাটোৰ ধৰ্মভিত্তিক বিভাজন আনিবলৈ কৰা চেষ্টাই এক সংঘাতৰ সূচনা কৰিলেও সময় বাগৰাৰ লগে লগে মোহাৱিষ্ট বহু মানুহৰ চকু মেল খাবলৈ ধৰিছে।

সেয়েহে জাতিধ্বংসী আইনখন বাতিলৰ দাবীত নতুন সংগ্ৰামৰ সূচনা হ'লে আৰু নেতৃত্বই সংগ্ৰামখনৰ প্ৰতি প্রকৃত দায়বদ্ধতা প্ৰদৰ্শন কৰিব পাৰিলে, ই জনসমর্থন নোপোৱাৰ প্রশ্ন নুঠে। প্রশ্ন হ'ল এতিয়া একাংশ নেতাই সংগ্ৰামখন স্থবিৰ হৈ পৰা বাবে ক'ভিড পৰিস্থিতিৰ কথা কৈছে। কিন্তু জনসাধাৰণে দেখিছে যে আপোচহীন সংগ্রামক কোনো পৰিস্থিতিয়ে স্তব্ধ কৰিব নোৱাৰে। ৩ খন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ সংগ্রামে তাক প্ৰমাণে কৰি দিছে। ছয় শতাধিক সতীৰ্থৰ মৃত্যু, ক'ভিড, শীত-গ্ৰীষ্ম, ৰ'দ-বৰষুণ কোনো পৰিস্থিতিতে শিৰ নত নকৰা বাবেই অৱশেষত সংগ্রামী কৃষকৰ ওচৰত মূৰ দোঁৱাই ৩ খন আইন প্রত্যাহাৰ কৰিবলৈ বাধ্য হ'ল প্রবল প্রতাপী বিজেপি চৰকাৰ। গতিকে 'কা' বাতিলৰ বাবে কেন্দ্ৰক সৈমান কৰিবলৈ হ'লেও এনেকুৱা এখন আপোচহীন ঐক্যবদ্ধ সংগ্রাম কৰিব লাগিব সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণে। 'কা'ৰ বিৰুদ্ধে গণ সংগ্ৰামৰ হুংকাৰ দিয়া নেতাসকল এইক্ষেত্ৰত কিমানদূৰ সফল হয়, সেয়া সময়ত প্ৰতিপন্ন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in